গহপুৰত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৰিপুণ বৰাৰ

ripun

গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন 


গহপুৰত ১১৭ নং গহপুৰ এম ভি স্কুল ভোটকেন্দ্ৰত ভোট প্ৰদান কৰিবলৈ আহি নিজ ভোটকেন্দ্ৰটোতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা খঙত অগ্নিশৰ্মা হোৱাৰ লগতে ভোটকেন্দ্ৰটোত নিয়োজিত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।জানিব পৰা অনুসৰি উক্ত কেন্দ্ৰটোত ভোটদান প্ৰক্ৰিয়া প্ৰিজাইডিং বিষয়াজনৰ দৃষ্টিগোচৰ হোৱাকৈ চলি আছিল।বিষয়টো এজন ভোটাৰে বৰাক অৱগত কৰাত ভোটকেন্দ্ৰটোত নিয়োজিত বিষয়াজনৰ ওপৰত খৰ্গহস্ত হৈ পৰে ৰিপুণ বৰা ।

 

ইমানতে ক্ষান্ত নাথাকি জিলা নিৰ্বাচনী বিষয়া তথা গহপুৰ মহকুমাধিপতিগৰাকীকো তৰ্জন -গৰ্জন কৰাৰ লগতে বিষয়াকেইজনক তৎকালীনভাৱে বৰ্খাস্ত কৰাৰ দাবী কৰে । ঘটনাস্থলীত তৎকালীনভাৱে উপস্থিত হৈ ইতিপূৰ্বে জিলা নিৰ্বাচনী বিষয়াই উক্ত কেন্দ্ৰটোত নিয়োজিত প্ৰিজাইডিং বিষয়া জগত সন্দিকৈ, প্ৰথম প'লিং বিষয়া ৰাজু শৰ্মা, দেৱ ডেকা আৰু বকুল দেউৰীক বৰ্খাস্ত কৰে ।

 

পুনৰ উক্ত কেন্দ্ৰটোত প্ৰিজাইডিং বিষয়া সত্যেন বৰাৰ লগতে এটা নতুন বিষয়াৰ দল নিয়োগ কৰিছে | সম্প্ৰতি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কাৰ্য চলি আছে |

Your Comments