নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব'

himanta

নলবাৰীৰ পৰা হেমন্ত কলিতা ৯ এপ্ৰিলঃ  ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাত মঙ্গল বাৰে নলবাৰী বিধানসভা সমষ্টিত বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰহৈ  হিমন্ত বিশ্ব শৰ্মাই এক বিশাল ৰোড শ্ব' ৰে নিৰ্বাচনী প্ৰচাৰ চলাই ৷ নলবাৰীৰ ঐতিহ্যমণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক খেল পথাৰৰ পৰা আৰম্ভ কৰা ৰোড শ্ব' ত নলবাৰীৰ বড় মছজিদ, বাটা চ’ক, জৈন মন্দিৰ, নাগাৰা চ’ক , থানা চ’ক হৈ হাজো পথৰ মাজেৰে  খোজ কাঢ়ি ৰাইজৰ মাজত  নিৰ্বাচনী প্ৰচাৰ চলাই পুনৰ গৰ্ডন খেল পথাৰত  উপস্থিত হৈ তেও ভাষন প্ৰদান কৰি কয় যে নৰেন্দ্ৰ মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ বাৰে বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দি জয়ী কৰিব লাগিব বুলি কৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ হিমন্ত বিশ্ব শৰ্মাই পুনৰাই কয় যে নলবাৰীত এইবাৰ দিলীপ শইকীয়াক এক লাখ ভোটত জিকাব লাগিব ৷ৰাজনীতি কৰিবলৈ ৰাজীৱ গান্ধীৰ তেজ আৰু তৰুন গগৈৰ তেজৰ প্ৰয়োজন নাই বুলি কৈ নলবাৰীৰ দিলীপ শইকীয়াৰ দৰে গাওৰ লৰাই সাংসদ হোবাৰ বাৰে বহুতো নতুন যুবক ৰাজনীতি কৰিব ওলাই আহিব বুলিও তেও ভাষনত কয়৷উপস্থিত ৰাইজক হাতত থকা  মোবাইল ফোনৰ পোহৰ জ্বলাই দিলীপ শইকীয়াৰ জয়ৰ বাৱে আগতীয়াকৈ দিপাৱলী উদযাপন কৰিবলৈ তেওঁ কয়৷প্ৰাৰ্থী দিলীপ শইকীয়াক লগত  লৈ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধাইক নাৰায়ন ডেকা ,বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মন ও অংশগ্ৰহণ কৰে৷ উক্ত ৰোড শ্ব' ত বিজেপি কেইবা হাজাৰ কৰ্মীৰ লগতে অসম গণ পৰিষদৰ নেতা কৰ্মী সকলো  অংশগ্ৰহণ কৰি এজিপি, বি পি এফ আৰু বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই৷

Your Comments