আজি টিয়কত অন্তিম প্ৰচাৰ অভিযানত অংশ ললে তৰুণ গগৈয়ে

tiok

 টিয়কৰ পৰা দ্বীপজ্যোতি শইকীয়াৰ প্ৰতিবেদন          

 আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা টিয়কত  ১২ নং যোৰহাট লোকসভা সমষ্টিৰ প্ৰাথী সুশান্ত বুঢ়াগোহাঁই ৰ হৈ প্ৰচাৰ অভিযানত অংশ লয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ টিয়কৰ বামুণপুখুৰীৰ এখন নিবাচনী সভাত অংশগ্ৰহন কৰে। উক্ত নিৰ্বাচনী সভাত গগৈৰ লগতে উপস্হিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী পল্লৱী গগৈ , টিয়ক যুৱ কংগ্ৰেছৰ সভাপতি উত্তৰণ বুঢ়াগোহাঁই , আৰু আন আন বহু কংগ্ৰেছ কৰ্মী। এই সভাতে কেইবাজনো বিজেপি দলৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে বুলিও সংবাদ মাধ্যমক অৱগত কৰে।

Your Comments