কংগ্ৰেছে শাসনৰ বাঘজৰী হাতত লৈ জনগনক কেবল প্ৰৱঞ্চনা কৰিলে-  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :

কংগ্ৰেছে কেৱল চৰকাৰৰ গঠন কৰিলে।নিৰ্বাচনৰ সময়ত জনগনক বহু প্ৰতিশ্ৰুতি প্ৰদান কৰি নিৰ্বাচনৰ দেওনা অতিক্ৰম কৰি শাসনৰ বাঘজৰী হাতত লৈ জনসাধাৰণক আওকাণ আৰু অৱহেলাহে কৰিলে।জীয়া প্ৰতিশ্ৰুতিৰে জনগনক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি প্ৰলোভনৰ ৰাজনীতি কৰিলে। কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে জনসাধাৰণৰ উন্নয়ন কৰিলে।  স্বাস্থ্য, শিক্ষা, শ্ৰম আদি প্ৰতিটো ক্ষেত্ৰতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে উন্নয়ন কৰিছে মাত্ৰ পাঁচটা বছৰতে। কিন্তু ৫৫ বছৰে দেশ শাসন কৰা কংগ্ৰেছে প্ৰলোভনৰ ৰাজনীতিৰ জৰিয়তে জনসাধাৰণক  কেৱল ব্যৱহাৰহে কৰিলে।

যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ আহি সোণাৰিত অনুষ্ঠিত কৰা  বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এনেদৰে কয় । চাহ বাগিচাৰ জনসাধাৰণক কংগ্ৰেছে ইমানদিনে কেৱল ব্যৱহাৰহে কৰিলে কিন্তু বিজেপি চৰকাৰে চাহবাগিচাৰ জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত আঁচনিৰ পিছত আঁচনি গ্ৰহণ কৰি আহিছে। চাহ বাগিচাৰ চৰ্দাৰসকলক মোবাইল ফোন দিয়াৰ বাবে তেওঁলোকৰ মাজত যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে বুলি কয়। sonari

আনহাতে দুখীয়াক শোষণ কৰি খোৱা কংগ্ৰেছক পৰিত্যাগ কৰি অসম তথা দেশৰপৰা উৎখাত কৰাৰ স্বাৰ্থত তপন কুমাৰ গগৈক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। এইবাৰৰ নিৰ্বাচনত তপন গগৈক যোৰহাট লোকসভা সমষ্টিৰপৰা পাঁচ লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ যোৰহাট লোকসভা সমষ্টিবাসীক আহ্বান জনোৱাৰ লগতে কংগ্ৰেছক বিশ্বাসত নলবলৈও  অনুৰোধ জনায়।

ইপিনে হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈয়ে এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত মিতিৰালি কৰি অসম ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও অভিযোগ কৰে।সেয়েহে জাতি-মাতি তথা অসমীয়া সংস্কৃতিক সুৰক্ষা দিয়াৰ স্বাৰ্থত বিজেপিৰ বিকল্প নাই বুলি দোহাৰে নিজৰ ভাষনত।

জাতি মাটি-ভেটি-সংস্কৃতি ৰক্ষাৰ বাবে, অসমীয়াৰ সাংবিধানিক  অস্তিত্ব ৰক্ষাৰ বাবে অসম চুক্তিৰ ষষ্ঠ দফা গৃহীত কৰিবলৈ বিজেপি দল প্ৰতিজ্ঞাবদ্ধ বুলিও মন্তব্য কৰে।অন্যহাতে উক্ত সভাতেই বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মাহমৰাৰ সমষ্টিৰ বিধায়ক যোগেন মহন আদি কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।

Your Comments