সোণাৰিৰ বৰুৱা নগৰত গ্ৰীষ্মকালীন সংগীত, নৃত্য আৰু নাটক কৰ্মশালাৰ সামৰণি অনুষ্ঠান  

Sonari_Assam_workshop

 "শিল্পীৰ তুলিকাই নীৰৱে আঁকি যায় – 
মানৱৰ প্ৰেম , অপ্ৰেম , স্বপ্ন , দু:স্বপ্ন 
 শিল্পীৰ প্ৰাণে নীৰৱে গাই যায় সংস্কৃতিৰ সুৰীয়া ছন্দ "। 
অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদ বৰুৱা নগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বিগত দুটি বছৰ সমাপ্তিৰ পাছত  এইবছৰো ছাত্র-ছাত্ৰী সকলৰ গৰম বন্ধত  ০৩ জুলাই পৰা আৰম্ভ কৰা  নাটক , নৃত্য , সংগীত ৰ কৰ্মশালাৰ আয়োজন কৰিছিল বৰুৱা নগৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত । 


এই কৰ্মশালা  মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল বিশিষ্ট অভিনেতা মৃদুল বৰগোহাঁইৰ লগতে কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষক। আনহাতে কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থীসকলৰদ্বাৰা ৩ খনকৈ শিশু নাটক আৰু ১খন ডাঙৰৰ পূৰ্ণাংগ নাটক মঞ্চস্থ কৰাৰ লগতে গীত-নৃত্য আৰু কবিতাৰ সমাহাৰেৰে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ২৭ দিনত যি কোনো কৰ্মশালা শেষ নহয় , শিক্ষাৰ কোনো অন্ত নাই , শিক্ষাই জীৱনৰ অন্ধকাৰত প্ৰকাশৰ কিৰণ প্ৰতিফলিত কৰে , কিশোৰ শিশুৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক আৰু স্বাধীন বিকাশেই শিক্ষা । 

ইফালে বৰুৱা নগৰৰদৰে মফচলীয় অঞ্চলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰায় ৮৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অভিনয় কৰি দৰ্শকক যি আমোদ দিলে অতি প্ৰশংসনীয়। প্ৰশিক্ষক মৃদুল বৰগোঁহাইৰ পৰিচালনাত নাট্যকাৰ নৰেন পাটগিৰিৰ "বৰষুণ " মৃদুল বৰগোঁহাইৰ "ওমলা খেলপথাৰ "  চন্দন বৰগোঁহাইৰ "পোহৰ বিচাৰি যাওঁ"  ডিম্বেশ্বৰ কোঁৱৰৰ "মা" এই চাৰিখন নাটক প্ৰতিভাৱান প্ৰশিক্ষাৰ্থী সকলে অতি সাৱলীল ভাৱে অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । 

Your Comments