নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বই : ৰাজনাথ সিং

bjp maniofesto2019

বিজেপিয়ে নাগৰিকত্ব (আইন) সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিবই৷ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ নতুন দিল্লীত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' উন্মোচন কৰি ৰাজনাথ সিঙে আজি এই ঘোষণা আগবঢ়ায়৷ উল্লেখ্য যে খিলঞ্জীয়া অসমীয়াৰ বাবে ভাবুকিস্বৰূপ এই বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে অসমত গঢ়ি উঠিছিল তীব্ৰ প্ৰতিবাদী আন্দোলন৷ অসমৰ বিভিন্ন জাতীয়তাবাদী দল-সংগঠনে জাতিধ্বংসী এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰলৈ একপ্ৰকাৰ চৰম সকীয়নি প্ৰদান কৰিছিল৷

এফালে আছুৰ নেতৃত্বত ৩০টা সংগঠন আৰু আনফালে কৃষক মুক্তিৰ নেতৃত্বত ৭০টা সংগঠনে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰে চৰকাৰৰ এই সিদ্ধান্তক প্ৰবল প্ৰতিৰোধ আগবঢ়াইছিল৷ আনহাতে, অসম চৰকাৰৰ প্ৰধান মিত্ৰদল অগপয়ো ইয়াৰ বিৰোধিতা কৰি মিত্ৰতা ভংগ কৰিছিল৷ ইমানৰ পিছতো কেন্দ্ৰৰ বিজেপি চৰকাৰে বিধেয়কখন লোকসভাত গৃহীত কৰোৱাৰ পিছত শেষ মুহূৰ্তত ৰাজ্যসভাত উত্থাপনৰ পৰা বিৰত থাকে৷ লক্ষণীয়ভাৱে লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ পুনৰ উত্থাপন কৰি এই বিধেয়ক গৃহীত কৰাৰ মুকলি ঘোষণা আগবঢ়ায়৷

অসমলৈ নিৰ্বাচনী প্ৰচাৰলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহে নিজৰ ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই বুলি কৰা ঘোষণাক লৈ ৰাজ্যৰ সচেতন নাগৰিকৰ মাজত ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ তেনে সময়তে আজি গৃহমন্ত্ৰী ৰাজনাথ সিঙে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এই বিষয়ে কৰা মুকলি ঘোষণাই ৰাজ্যখনৰ বাবে যে এক অশনি সংকেত কঢ়িয়াই আনিব সেইটো ধুৰূপ৷ লোকসভা নিৰ্বাচনত পুনৰ বিজেপিৰ লগত মিত্ৰতা স্থাপন কৰা অগপৰ এই ক্ষেত্ৰত স্থিতি কি হ'ব সেইটো হ'ব গুৰুত্বপূৰ্ণ কথা৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী অসমৰ জনসাধাৰণে বিজেপিৰ এই ঘোষণাৰ প্ৰত্যুত্তৰ নিৰ্বাচনত কেনেধৰণে দিয়ে সেইটো হ'ব সকলোতকৈ লক্ষণীয় দিশ৷

Your Comments