ৰেল পথ নিৰ্মাণৰ দাবীত বৰপেটা জিলা আছুৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীলৈ স্মাৰক-পত্র

rail track_india

বৰপেটা জিলাৰ প্রাণকেন্দ্র বৰপেটা চহৰ আর্থ-সামাজিক-আধ্যাত্মিক আৰু বৌদ্ধিক ক্ষেত্ৰত অতিকৈ চহকী যদিও, আজিও উপেক্ষিত হৈ আছে যাতায়াতৰ ক্ষেত্ৰত। বৰপেটা চহৰক চুই যোৱাকৈ ৰেলপথ আজিও সংযোগ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰ অথবা কেন্দ্রীয় চৰকাৰে। ইয়াক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে। কৃষ্ণকান্ত দাসে স্বাক্ষৰ কৰা এক স্মাৰক-পত্র কালি  জিলা উপায়ুক্তৰ জৰিয়তে ৰেল মন্ত্রী ৰাজেন গাহোঁইলৈ প্ৰেৰণ কৰে।


৮৫ খন সত্ৰ, ২০টাতকৈও অধিক প্রাচীন কীর্তিস্তম্ভ, ৭০টাতকৈও অধিক নামঘৰৰ উপৰিও ভালেসংখ্যক দেৱালয়ৰ অৱস্থিতি থকা এইখন জিলাতেই জন্মগ্রহণ কৰিছিল কেইবা গৰাকীও সুপ্রসিদ্ধ ব্যক্তিয়ে। প্রথম ভাৰতীয় গদ্যলিখক ভট্টদেৱৰ জন্মস্থান বৰপেটা জিলাত। পৰৱর্তী সময়ত জন্মগ্রহণ কৰিছিল ৰেলৰ ভেকুৱাম ব্রেক আবিষ্কাৰক গুৰুপ্রসাদ দাস, ভাৰতৰ পঞ্চম ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদ, অসমৰ অষ্টমগৰাকী মুখ্যমন্ত্রী মহেন্দ্র মাহোন চৌধুৰীকে আদি কৰি কেইবাগৰাকী খ্যাতনামা ব্যক্তিয়ে। বৰপেটা জিলাৰ সদৰ বৰপেটা চহৰ আজিও যাতায়াতৰ ক্ষেত্ৰত অতিকৈ পিছপৰা।

Rail_india 

আনপিনে ১৮৮৫ চনতে বৰপেটাক মহকুমা হিচাপে ঘোষণা কৰিছিল যদিও সুদীর্ঘ ১৩৩ বছৰ পুৰণি এই বৰপেটাখনৰ প্রতি এক বৈষম্যমূলক দৃষ্টিভংগী গ্রহণ কৰিয়েই পূর্বৰ ৰাজ্য চৰকাৰসমূহৰ লগতে কেন্দ্রীয় চৰকাৰকেইখনে চহৰখনৰ যাতায়াত ব্যৱস্থাৰ কোনো ধৰণৰ উন্নয়ন স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত নকৰিলে বুলিও স্মাৰকপত্ৰখনত কঠোৰ সমালোচনা কৰে সভাপতি দাসে। উল্লেখ্য যে ১৯৩০ চনতে বৰপেটা চহৰৰ বিলৰতাৰিহাটীস্থ সু-সন্তান কর্ণেল গুৰুপ্রসাদ দাসে ৰেলৰ ভেকুৱাম ব্রেক উদ্ভাৱন কৰিছিল। কিন্তু কর্ণেল গুৰুপ্রসাদ দাসৰ এই অৱদানক পৰৱৰ্তী সময়ত কেন্দ্রীয় চৰকাৰৰ ৰেলৱে তথা প্ৰতিৰক্ষা বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদান নকৰিলে বুলিও স্মাৰকপত্ৰখনত আক্ষেপ প্রকাশ কৰে। কর্ণেল গুৰুপ্রসাদ দাসৰ প্রতি সম্মান জনোৱাৰ লগতে বৰপেটা চহৰক যাতায়াতৰ ক্ষেত্ৰত আগুৱাই নিবলৈ ৰেলপথেৰে সংযোগ কৰাৰ দাবী জনায়। 

উল্লেখ্য যে জিলাখনৰ সদৰ চহৰ হিচাপে বিবেচিত বৰপেটা ৰেলৰ লাইনৰ কোনাে সুব্যৱস্থা নথকাৰ বাবে আজি চহৰখনৰ অৱস্থা তথৈবচ।তাৎপর্যপূর্ণ বিষয় এইটোও যে ২০১২ চনতে ভাৰত চৰকাৰৰ ৰেল বিভাগৰ নির্দেশ অনুযায়ী ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত প্রায় ৭০ লাখ টকাৰ অনুদানেৰে জৰীপ সম্পূর্ণ কৰা হৈছিল। লগতে বৰপেটাক সাংস্কৃতিক আৰু ধর্মীয় পর্যটনৰ অঞ্চল হিচাপে গঢ়ি তুলিবলৈ দুর্বল যাতায়াত ব্যৱস্থাৰ উন্নতি হোৱাটো অতিকৈ প্রয়োজন। বর্তমানৰ কেন্দ্ৰীয় চৰকাৰ মুৰব্বী প্রধানমন্ত্রী আৰু ৰেল মন্ত্রীক এই ক্ষেত্ৰত জিলা আছুৱে যোৱা ০২-০৭-২০১৪ইং তাৰিখৰ পৰা ১৬-০৭-২০১৭ ইং তাৰিখলৈ ১৩/১৪ বাৰ সাক্ষাৎ কৰাৰ উপৰি বিভিন্ন সময়ত বৰপেটা জিলাৰ উপায়ুক্তৰ জৰিয়তে স্মাৰক-পত্র দিয়া হৈছিল। আছুৰ তৰফৰ পৰা অসমৰ প্ৰথমগৰাকী ৰেল মন্ত্রী হিচাপে অহা বাজেটত সত্ৰনগৰী তথা ভেকুৱাম ব্রেক উদ্ভাৱক কর্ণেল গুৰুপ্রসাদ দাসৰ গৃহ চহৰ বৰপেটাক ৰেলপথেৰে সংযোগ কৰাৰ বাবে বিভাগীয় ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

যোৱা ২০১৮-২০১৯ বৰ্ষৰ বাজেটত যোগীঘোপাৰ পৰা গুৱাহাটী ভায়া বৰপেটা এই পথছোৱা বাজেটত সন্নিৱিষ্ট নকৰি পুনৰ জৰীপ কৰিবলৈ লোৱা প্ৰস্তাৱ আশ্চৰ্যকৰ। যোৱা ৯ জানুৱাৰী ২০১৫ৰ দিনাখনো বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে সভাপতি দাসে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল যদিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উক্ত দাবী দুয়োটা সম্বন্ধে কোনো ধৰণে মাত মতা নতুবা কার্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। পৰৱৰ্তী সময়ত যদিহে ৰেল আৰু ৰাষ্ট্ৰীয় ফ’ৰলেনযুক্ত পথৰ কোনো কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে বৰপেটাৰ ৰাইজৰ সহযোগত জিলা আছুৱে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
 

Your Comments