ধাৰাবাহিক সফলতা অব্যাহত জাজৰি আৰক্ষীৰ

jajari

জাজৰিৰ পৰা মানস জ্যোতি মহন্তৰ প্ৰতিবেদন : 
দেশজুৰি নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰে পৰা ক্ৰমাৎ সক্ৰিয়তা বৃদ্ধি পোৱা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হৈছে দৈনিক লক্ষ লক্ষ টকা।উল্লেখ্য যে,ধন উদ্ধাৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি পুনৰ জাজৰি আৰক্ষী থানাৰ এ এছ আই খৰসিং তেৰাং আৰু এছ এছ টি দলৰ সদস্য ভৃগু কুমাৰ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে  চলোৱা তালাচী অভিযানত অঞ্চলটোৰ ৰাইদঙীয়াত মৈৰাবাৰীৰ পৰা নগাঁও অভিমুখে আহি থকা এ এছ০২এ চি ৮৭৬২ নম্বৰৰএখন বলেৰ' পিক আপ বাহনৰ পৰা ৰাধেশ্যাম দাস,অনন্ত বৰদলৈ, মন বৰা আৰু সোনমণি বৰাই কঢ়িয়াই অনা অৱস্থাত উদ্ধাৰ কৰে নগদ ২,৯৬,৩৯০ টকা।

jajari2আৰক্ষী সূত্ৰই জানিব দিয়া মতে,উক্ত ব্যক্তি কেইজনে ধন খিনি কঢ়িয়াই অনা প্ৰসংগত কোনো যথোচিত নথি প্ৰদৰ্শন কৰিব নোৱাৰাত সন্দেহবশতঃ আৰক্ষীয়ে জব্দ কৰা ধনসহ তেওঁলোকক আটক কৰি জাজৰি আৰক্ষী থানালৈ লৈ আহে আৰু অধিক তথ্য পোহৰলৈ অনাৰ স্বাৰ্থত ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে।jajari3

তদুপৰি জাজৰি অঞ্চলৰ পৰা প্ৰায় প্ৰতিদিনেই এনেদৰে লক্ষ লক্ষ টকা উদ্ধাৰ হোৱাৰ তথ্য পোহৰলৈ অহাৰ প্ৰসংগত বাৰুকৈয়ে চিন্তিত হৈ পৰিছে অঞ্চলৰ সচেতন মহল।

Your Comments