ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ ভিত্তিহীনঃ দেৱব্ৰত শইকীয়া

ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ ভিত্তিহীনঃ দেৱব্ৰত শইকীয়া

শুকুৰবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতি প্ৰয়াত ৰাজীৱ গান্ধী আৰু ডঃ মনমোহন সিঙৰ অৱদান আছে বুলি স্বীকাৰ কৰাৰ পিছত বিজেপি দলৰ 'নিকৃষ্ট কৌশল বিভাগ' সক্ৰিয় হৈ উঠিছে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কংগ্ৰেছ দলৰ বলিষ্ঠ ভূমিকাত দাগ সানিবলৈ কোনো ব্যক্তিয়ে 'উইকিলিকছ'ৰ উদ্ধৃতিৰে অভিযোগ কৰিছে যে ২০০৬ চনৰ মে' মাহত এখন নিৰ্বাচনী সভাত ছোনিয়া গান্ধীয়ে অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়িত কৰিব নোৱাৰাকৈ বিদেশী আইন সংশোধনৰ কথা ঘোষণা কৰিছিল ৷

এইটো সত্যক বিকৃতকৰণৰ চৰম উদাহৰণ ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই স্পষ্টীকৰণ আগবঢ়াইছে ৷ বিবৃতিটোত শইকীয়াই উল্লেখ কৰিছে যে ২০০৬ চনৰ মে' মাহত অসমত কোনো নিৰ্বাচনী সভা অনুষ্ঠিত হোৱা নাছিল ৷ কাৰণ এপ্ৰিল মাহতে ভোটগ্ৰহণ শেষ হৈছিল আৰু মে' মাহৰ ১১ তাৰিখে ফলাফল ঘোষণা হৈছিল ৷ সেয়েহে ছোনিয়া গান্ধী বা আন কোনো নেতাই মে' মাহত অসমলৈ আহি নিৰ্বাচনী সভাত অংশগ্ৰহণৰ প্ৰশ্নই নুঠে ৷

ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ ভিত্তিহীনঃ দেৱব্ৰত শইকীয়া

 অৱশ্যে ২০০৬ৰ ৬ এপ্ৰিলত নগাঁৱৰ নেহৰুবালিত ছোনিয়া গান্ধীয়ে এখন নিৰ্বাচনী সভাত ভাষণ দিছিল বুলি উল্লেখ কৰি শইকীয়াই কয় যে সংখ্যালঘু লোকৰ ওপৰত অযথা হাৰাশাস্তি ৰুধিবলৈ তেতিয়াৰ ইউ পি এ চৰকাৰে ১৯৬৪ চনৰ বিদেশী (ন্যায়াধিকৰণ) অধিনিয়ম (আইন নহয়) সংশোধন কৰাৰ কথা ঘোষণা কৰিছিল ৷ বৰ্তমানকালত সুব্ৰত দে, গণেশ দাস, বিষ প্ৰসাদ খানাল, আবু তাহেৰ আৰু ৰফিকুল ইছলাম (দুয়োগৰাকী অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ মৌলানা আমিৰুদ্দিনৰ পৰিয়ালৰ) দৰে লোকে সন্দেহযুক্ত বিদেশী বুলি হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সেই সময়ত ছোনিয়া গান্ধীয়ে উল্লেখ কৰা পদক্ষেপটো দূৰদৰ্শিতাৰ পৰিচায়ক বুলিহে বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে, সিদিনাৰ সভাৰ বাতৰিটো 'দ্য আছাম ট্ৰিবিউন'ত 'কংগ্ৰেছ অবৈধ বিদেশী প্ৰব্ৰজনৰ বিৰোধীঃ ছোনিয়া' শিৰোনামেৰে প্ৰকাশ হৈছিল আৰু তাত ছোনিয়া গান্ধীৰ ভাষণৰ উদ্ধৃতি দিছিল 'আমি বিদেশী প্ৰব্ৰজনৰ সমৰ্থন নকৰো ৷ চৰকাৰ ৰাইজৰ ইচ্ছা অনুসৰি গঠন হয় আমাৰ চৰকাৰে ৰাইজৰ হিতৰ বাবে চিন্তা কৰিব' বুলিও বিবৃতিটোত উল্লখ কৰে ৷ এনেদৰে স্পষ্ট আৰু ৰাজহুৱাভাৱে নিজৰ স্থিতি ঘোষণা কৰাৰ পিছতো এতিয়া সত্যক গাপ দি ছোনিয়া গান্ধীৰ বিৰুদ্ধে নিকৃষ্ট অপপ্ৰচাৰ চলোৱা হৈছে বুলি বিৰোধী দলপতিগৰাকীয়ে বিবৃতিটোত প্ৰকাশ কৰে ৷

Your Comments