কংগ্ৰেছক ভোট দিলেহে অসমীয়াৰ জাতি,মাটিৰ স্বাৰ্থ সুৰক্ষিত হ'ব:তৰুণ গগৈ

tarun

টেঙাখাতৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন

আজি ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী পৱনসিং ঘাটোৱাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
 টেঙাখাটৰ ড°ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত
আজিৰ সভাত  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,১৩ নং লোকসভা নিৰ্বাচনৰ মনোনীত প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ,দুলীয়াজান সমষ্টিৰ প্ৰাক্তন বিধায়িকা অমিয়া গগৈ আৰু বহু কেইজন যুৱ নেতাৰ উপস্থিতি দেখা গ'ল ৷raki


প্ৰায় ৩০০০ ৰো অধিক ৰাইজ উপস্থিত থকা এই সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপি দলক কটাক্ষ কৰি কয় যে কংগ্ৰেছ দলক ভোট দিলেহে অসমীয়াৰ জাতি,মাটিৰ স্বাৰ্থ সুৰক্ষিত হ'ব,মোৰ গাত লাচিতৰ তেজ আছে হিমন্ত বিশ্বৰ গাত লাচিতৰ তেজ নাই।বিজেপিয়ে চাহ শ্ৰমিকসকলক চুলাই খুৱাই নষ্ট কৰিছে|pradut


 সভাত মনোনীত প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে বিজেপিৰ সাংসদ তথা মনোনীত প্ৰাৰ্থী ৰামেশ্বৰ তেলীক এজন বিফল সাংসদ বুলি কটাক্ষ কৰে।
আজিৰ এই সভাত ৫০ জনতকৈও অধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে।সভাত প্ৰাক্তন বিধায়িকা অমিয়া গগৈ আৰু কেইবাজনো কংগ্ৰেছ যুৱ নেতা উপস্থিত থাকে।

Your Comments