পঞ্চায়ত, বিধানসভা সমষ্টি সংৰক্ষণেৰে বিজেপিয়ে খিলঞ্জীয়াসকলক সুৰক্ষিত কৰিবলৈ বিচাৰিছে:অমিত শ্বাহ

amit sah

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

ভাৰতবৰ্ষক বিকাশিত আৰু সুৰক্ষিত কৰি  আগবঢ়াই নিবলৈ বিজেপি দলক অধিক শক্তিশালী কৰি তুলিবই লাগিব।এই বক্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। 


মৰিগাঁৱৰ আহতগুৰিত নগাওঁ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয়-ৰাহুল গান্ধীৰ মিত্ৰজোঁটত কোনো নেতাৰ নীতি নাই। কংগ্ৰেছক যদি চৰকাৰ গঠন কৰিবলৈ ৰাইজে ক্ষমতা দিয়ে,তেতিয়া কোন প্ৰধানমন্ত্ৰী হ'ব তাৰ কোনো উত্তৰ নাই। কংগ্ৰেছে অসমৰ বাবে বিগত  ৭০ বছৰত কি কৰিলে। ৭০ বছৰত কংগ্ৰেছে ব্ৰক্ষ্মপুত্ৰৰ ওপৰত ৩ খন দলং নিৰ্মাণ কৰিলে। কিন্তু বিজেপিয়ে ৫ বছৰত ৫ খন দলং নিৰ্মাণ কৰিলে।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমৰ প্ৰতি বহু মৰম থকা বুলি তেওঁ উল্লেখ কৰে। সেইবাবেই অসমৰ ভাষা,সংস্কৃতি,সাহিত্য আদিৰ সংৰক্ষণৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰয়াস কৰিছে বুলি কয়।পঞ্চায়ত,বিধানসভা সমষ্টি আদি সংৰক্ষণৰে খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰিবলৈ বিজেপি চৰকাৰে বিছাৰিছে বুলি তেওঁ মন্তব্য কৰে। 


শ্বাহে কয়-উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন তথা বিকাশৰ  বাবে বিজেপিয়ে বহু কাম কৰাৰ লগতে অসমৰ বাবেও বহু কাম কৰিছে। কংগ্ৰেছে বিগত দিনত কৰি অহা ৰাজনীতিক মষিমূৰ কৰিবলৈ বিজেপিয়ে এনআৰচিৰ উন্নীতকৰণৰ কাম আৰম্ভ কৰিছে। যি খিলঞ্জীয়া লোকক সুৰক্ষিত কৰি তুলিব। সেয়ে ভাৰতবৰ্ষক আগবঢ়াই নিবলৈ বিজেপিক আৰু ৫ বছৰ সময় দিবলৈ আহ্বান জনায়। 


ইফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ভাৰতবৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সবল নেতৃত্ব দিছে। পুলৱামা কাণ্ডৰ পিছত মোদীয়ে পাকিস্তানৰ জেহাদীৰ ঘাটিত আক্ৰমণ কৰোৱাই ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত সাহসী আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচয় কৰাই দিলে। পাকিস্তানৰ পৰা কাছব সাগৰেৰে আহি মুম্বাইত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ লগতে তাজ হোটেলত আক্ৰমণ কৰিছিল।ভাৰতীয় বুকুত প্ৰতিশোধৰ অগনি জ্বলিছিল।শাসনত কংগ্ৰেছ আছিল।ভাৰতবৰ্ষৰ ভূমিত থকা পাকিস্তানী চোৰাংচোৱাক সন্তুষ্ট কৰিবলৈ কংগ্ৰেছ চৰকাৰে কোনো প্ৰতিশোধ লোৱা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয়ৰ বেদনাক উপলব্ধি কৰে। সেয়ে শত্ৰুক ধাৰাশাৰী কৰিলে। 


কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কংগ্ৰেছৰ বৰ্তমান  কোনো ভেটি নাই। নাই কোনো নীতি। কংগ্ৰেছ মানেই কেৱল দুৰ্নীতি,ভ্ৰষ্টাচাৰ। গতিকে এনে দলক  ভোট দিবলৈ হ'লে দেশৰ অস্তিত্ব বিপন্ন হ'ব। প্ৰকৃতাৰ্থত বিজেপিয়েহে সুশাসন দিব পাৰিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশত এতিয়া উন্নয়নৰ ধ্বজা উৰিছে। সেয়ে আগন্তক লোকসভা নিৰ্বাচনত নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ভোট দি জয়যুক্ত কৰি নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনায়। 


সভাত অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা,ৰে'ল ৰাজ্যিক মন্ত্রী ৰাজেন গোঁহাই, সাংসদ ৰমেন ডেকা,বিজয়া চক্ৰৱৰ্তী,বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আদি কৰি বিজেপিৰ নেতাসকলে অংশ গ্ৰহণ কৰে।

Your Comments