বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ মুকলি সমৰ্থন কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ : হঠাৎ স্থিতি সলনিক লৈ ৰহস্য 

pradip

নগাঁৱৰ পৰা ৱাহিদুদ জামান

 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ বিৰোধিতাৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কিছুদিন আগলৈকে যথেষ্ট সৰৱ হৈ থকা কৃষক-শ্ৰমিক উন্নয়ন পৰিষদে হঠাতে নিজৰ স্থিতি সলনি কৰি বিজেপিৰ সমৰ্থনত গদগদ্ হ'ল। আজি দুপৰীয়া কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ নগাঁও জিলা কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ কলিতা আৰু কাৰ্যকৰী সভাপতি মুকুল বৰাই অগপ-বিজেপি মিত্ৰজোঁটলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ কথাও প্ৰকাশ কৰে।


 লগতে,সমাগত লোকসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁঁটৰ প্ৰাৰ্থীৰ সপক্ষে মতদান কৰিবলৈ ৰাইজক মুকলি আহবান জনায়। সংবাদমেলত পৰিষদৰ নেতাদ্বয়ে কয়-'জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে আমি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক মুকলিভাৱে সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ। আমি অসমৰ ১৪ টা লোকসভা সমষ্টিতে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহবান জনাইছো।' 


সংবাদমেলত পৰিষদৰ নেতৃবৃন্দই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি কয়, 'এই দল দুটাই মিত্ৰতাৰ জৰিয়তে অসমলৈ অশনি শংকেত কঢ়িয়াই আনিছে । এই দল দুটা অসমৰ বাবে অতি বিপদজনক। কংগ্ৰেছে সন্ত্ৰাসবাদীৰ মৃতদেহৰ হিচাপ বিচাৰি অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। তদুপৰি কংগ্ৰেছ দলে অসমত সংখ্যালঘূৰ জলপানী ধনৰ ব্যাপক লুন্ঠন চলাই সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক প্ৰতাৰণা কৰিছে। কৃষকক ৰাম ঠগন দিছে।' 


কংগ্ৰেছ আৰু সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে মিলি অসমখনক পাকিস্তান কৰিব বিচাৰিছে বুলি সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে নগাঁও সংসদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক কঠোৰ সমালোচনা কৰি কয়, 'বৰদলৈৰ দিনত অসমৰ বহু উদ্যোগ বন্ধ হ'ল। এনে এজন  নেতাক প্ৰত্যাখ্যান কৰিবলৈও আমি আহ্বান জনাইছো।


'সংবাদমেলত তেওঁলোকে ড০ হীৰেন গোঁহাই, মনজিৎ মহন্ত আৰু অখিল গগৈকো তীব্ৰ সমালোচনা কৰে। সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় উৎপল বৰুৱা, দেৱজিৎ দাস, মহিলা নেত্ৰী মিতালী কোঁৱৰ, নগাঁও জিলা সমিতিৰ সভাপতি নুৰজামাল হক, সম্পাদক অম্লানজ্যোতি মহন্তও উপস্থিত থাকে। ইপিনে, সংবাদমেলখনত পৰিষদৰ নেতৃবৰ্গক 'কেব'ৰ সমৰ্থনকাৰী দলৰ পক্ষে ভোট দিবলৈ আহ্বান জনোৱাৰ আঁৰত কি ৰহস্য আছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেতাসকলে ছালে- বেৰে কোবোৱা মন্তব্য কৰে। বিধেয়কখনৰ সমৰ্থনতো কেতবোৰ অদ্ভুত যুক্তি আগবঢ়াই। 


আনহাতে, কংগ্ৰেছৰ দিনত বিভিন্ন বিভাগত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তোলা সংগঠনটোৰ নেতাসকলক বিজেপি চৰকাৰৰ দিনতো সংঘটিত
গ্ৰামোন্নয়ণ বিভাগ আৰু জনসংযোগ বিভাগত নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত স্থিতি কি হ'ব বুলি সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত  তেওঁলোকে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰে।

Your Comments