বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন
'বিজেপি চৰকাৰে দেশৰ নিবনুৱা আৰু কৃষক সমাজৰ বাবে একপ্ৰকাৰ অভিশাপস্বৰূপ হৈ থিয় দিছে। নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি কেন্দ্ৰ,ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে পাহৰি পেলাইছে।কেৱল মিছা প্ৰতিশ্ৰুতিৰে পুনৰ কেন্দ্ৰৰ গাদীত বহাৰ যি আশা কৰিছে,তাৰ উত্তৰ ৰাইজে এই নিৰ্বাচনতে দিব।'এই মন্তব্য মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ।
নলবাৰী সমষ্টিৰ পূব-নলবাৰী ব্লকত ১৭খন নিৰ্বাচনী পথসভাত বুধবাৰে নিশালৈ অংশ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে কলিতাই।প্ৰাৰ্থীগৰাকীয়ে পূব নলবাৰীৰ খাতাগাঁও পঞ্চায়তৰ পথসভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক উদ্দেশ্য কৰি কয় য়ে বিজেপি চৰকাৰে বিমুদ্ৰাকৰণৰ দ্বাৰা দেশৰ দুখীয়া মানুহৰ ধন বেংকত জমা ৰাখি উদ্যোগপতিক দিলে। সেই ধনেৰে উদ্যোগপতিসকলে দেশে- বিদেশে ব্যৱসায় কৰিলে।এয়া হ'ল দুখীয়াৰ হৈ কাম কৰা বিজেপি চৰকাৰৰ আচল স্বৰূপ।
কংগ্ৰেছ প্ৰাৰ্থী কলিতাই লগতে কয় য়ে কেৱল বিমুদ্ৰাকৰণৰ দ্বাৰাই নহয়, বিজেপি চৰকাৰে কোনো পৰিকল্পনা নোহোৱাকৈ দেশৰ জনসাধাৰণৰ ওপৰত জিএছটিৰ বোজা জাপি দিছে।এইখন চৰকাৰৰ কাৰ্যকালতে কৃষকে আত্মহত্যাৰ পথ বাচি ল'ব লগা হৈছে বুলি কলিতাই মন্তব্য কৰে। মোডী চৰকাৰৰ কার্যকালত লাখ লাখ যুৱকে সংস্থাপন হেৰুৱাব লগা হৈছে বুলিও কলিতাই কয়।
নলবাৰী সমষ্টিৰ যুৱ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভুঞা, নলবাৰী জিলা কংগ্ৰেছ সভাপতি দিগন্ত বৰ্মণ, উপ- সভাপতি শৰৎ কলিতা,তবিবৰ ৰহমান প্ৰাশসনিক সম্পাদক লুটফুৰ ৰহমান,নলবাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ,নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদ্বীপ কলিতা,সম্পাদক উদ্দীপন পাটোৱাৰী, ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা,অনিল মহন্তকে ধৰি ভালেসংখ্যক নেতা-কৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ বুধবাৰৰ এই মাৰাথান নিৰ্বাচনী পথসভাত সংগ দিয়ে।
সাংবাদিকৰে হোৱা কথোপকথনত কংগ্ৰেছ প্ৰাৰ্থী কলিতাই বিজেপি চৰকাৰৰ দিনত বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুওৱা অসমে কংগ্ৰেছৰ চৰকাৰ হ'লে পুনৰ সেই মৰ্যাদা ঘূৰাই পাব বুলি সদৰী কৰে।
- Log in to post comments
- 37 views