বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত ভোটাৰ সজাগতা শিবিৰ

awareness camp

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা

অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বুধবাৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বীৰঝৰা চাহ বাগিচাত এটা ভোটাৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় ৷'এছভিইইপি চেল'ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই ভোটাৰ সজাগতা শিবিৰত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন উপস্থিত থাকি বাগিচাখনৰ সকলো ভোটাৰকে নিষ্ঠা আৰু নিৰ্ভীকভাৱে ভোটদান কৰিবলৈ অনুৰোধ জনায়। লগতে নতুন ভোটিং মেচিনৰ প্ৰাসংগিকতা আৰু তাৰ সহায়ত কেনেকৈ ভোটদান কৰিব পাৰি, সেয়া বুজাই দিয়ে awareness camp2

সজাগতা শিবিৰত বাগিচাখনৰ পৰিচালক এন পি  সিং , 'এছভিইইপি চেল'ৰ লগত জড়িত কৰ্মচাৰীকে ধৰি বিভিন্ন বিভাগৰ কৰ্মচাৰী, বাগিচাখনৰ শ্ৰমিকসকল উপস্থিত থাকে ৷ উল্লেখ্য যে নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সমষ্টিটোৰ মুঠ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰশাসনে ভোটদানৰ সুব্যৱস্থা গ্ৰহণ কৰিছে ৷ তদুপৰি নিৰ্বাচন আয়োগে এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ ওপৰত যি বিশেষ গুৰুত্ব আৰোপ কৰিছে,তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি  জিলাখনৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যেৰে বঙাইগাঁও জিলা প্ৰশাসনে নূন্যতম সা- সুবিধাখিনি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লগতে সমষ্টিটোৰ সকলো ভোটাৰ ৰাইজক সমাগত লোকসভা নিৰ্বাচনত জাতি - ধৰ্ম, ভাষা- বৰ্ণ নিৰ্বিশেষে তথা কোনো প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ বাবে আহ্বান জনাইছে ৷

Your Comments