চামগুৰিৰ ভড়াগুৰিত বন্যহস্তীৰ সন্ত্ৰাস

চামগুৰিৰ ভড়াগুৰিত বন্যহস্তীৰ সন্ত্ৰাস

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভড়াগুৰিত শুকুৰবাৰৰ নিশা চলিল বন্যহস্তীৰ সন্ত্ৰাস । 'লাডেন' নামেৰে জনাজাত বন্যহস্তীটোৱে কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে অনাময় আঁচনিৰ শৌচালয় ভাঙি পেলায় । বন্যহস্তীৰ উপদ্ৰৱৰ বাবে এই অঞ্চলৰ ৰাইজে খেতি-বাতি কৰাৰ পৰাও বিৰত থাকিবলগা হৈছে । কাৰণ খেতি কৰি বছৰৰ ভাতমুঠি যোগাৰ কৰা লোকসকলে বন্যহস্তীৰ বাবে এমুঠিও ধান চপাব নোৱাৰে ।

চামগুৰিৰ ভড়াগুৰিত বন্যহস্তীৰ সন্ত্ৰাস

উল্লেখ্য যে বছৰৰ বাৰটা মাহেই ভড়াগুৰিকে ধৰি ডিলিকাবস্তি, বৰদল আদি অঞ্চলসমূহ বন্যহস্তীৰ বাবে এক চৰণীয়া পথাৰত পৰিণত হৈছে । যোৱানিশাও 'লাডেন'ৰ সন্ত্ৰাসৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰে এজন স্থানীয় লোকৰ । ৰাইজে উদমাৰীস্থিত বন বিভাগক খবৰ দিয়ে যদিও আজিকোপতি বন্যহস্তী খেদাত ব্যৰ্থ বন বিভাগ । অনস্বীকাৰ্য যে দিনক দিনে যিধৰণে বনাঞ্চল ধ্বংস হ'বলৈ ধৰিছে, তাৰেই পৰিপ্ৰেক্ষিতত চামগুৰি, চাপানালা, বঢ়মপুৰৰ বিভিন্ন অঞ্চল এতিয়া বন্যহস্তীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ।
 

Your Comments