লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিত ধান ক্ৰয় কেলেংকাৰিৰ অভিযোগ

marketing

অসম চৰকাৰৰ কৃষি বিভাগৰ অন্তৰ্গত লংকা নিয়ন্ত্ৰিত বজাৰ  সমিতিৰ কামপুৰ (কঠিয়াতলী)কেন্দ্ৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।ধান ক্ৰয় কেন্দ্ৰত একাংশ দালালৰ বাবে কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই  উৎপাদন কৰা ধানৰ উপযুক্ত মূল্য নোপোৱাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি প্ৰতি বছৰৰ দৰে এইবাৰো লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে কৃষকৰ পৰা ধান  ক্ৰয় কৰি অাহিছে । প্ৰতিবছৰ নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে ধান ক্ৰয় অভিযানৰ পূৰ্বে ৰাজহুৱা জাননীযোগে কৃষক ৰাইজৰ পৰা ধান ক্ৰয় কৰে যদিও এইবাৰ নিয়ন্ত্ৰিত বজাৰ সমিতিখনে ধান ক্ৰয়ৰ পূৰ্বে কোনোধৰণৰ ৰাজহুৱা জাননী নিদিয়াকৈ অাৰু  গোপনভাৱে ধান ক্ৰয় অাৰম্ভ কৰাৰ অভিযোগ কৰিছে কৃষকে । একাংশ কৃষকৰ অভিযোগমতে প্ৰতিবছৰ নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে জানুৱাৰী মাহতে কৃষকৰ পৰা ধান ক্ৰয় কৰে যদিও এইবাৰ মাৰ্চ মাহৰ শেষৰফালে ধান ক্ৰয় অাৰম্ভ কৰে ।এই ধান ক্ৰয়ত বিভিন্ন ধৰণৰ খেলিমেলি কৰাৰ লগতে একাংশ বণিক গোষ্ঠীৰ সৈতে মিলি গোপনে ধান ক্ৰয় কৰি অহাৰ অভিযোগ উঠিছে।  

কামপুৰ(কঠিয়াতলী) কেন্দ্ৰত গোপনভাৱে কাগজ-পত্ৰই ধান ক্ৰয় কৰা দেখুৱাই অাছে যদিও ধান ক্ৰয়ৰ নামত ব্যাপক অনিয়ম চলিছে।ধান ক্ৰয়ৰ সময়ত পঞ্জীয়ণভূক্ত শ্ৰমিকৰ পৰা নিবিদা অাহ্বান কৰিব লাগে অাৰু কৃষক ৰাইজক বেনাৰ-প'ষ্টাৰৰ লগতে মাইকযোগেও জাননী দিব লাগে।এই সকলো নিয়মক উপেক্ষা কৰি কঠিয়াতলী কেন্দ্ৰৰ পৰিদৰ্শকে মইমতালিৰে স্থানীয় কৃষকক বঞ্চিত কৰি গোপনে একাংশ বণিয়াৰ পৰা ধান ক্ৰয় কৰি অহাৰ অভিযোগ উঠিছে ।

বজাৰ সমিতিয়ে ধান ক্ৰয়ৰ সময়ত কৃষি বিভাগৰ পৰা প্ৰমাণপত্ৰৰ  প্ৰয়োজন হয় । কিন্তু বণিয়া গোষ্ঠীয়ে উপান্ত কৃষকৰ সলনি  এচাম ভুৱা কৃষকৰ নামত প্ৰমাণপত্ৰ উলিয়াই প্ৰতিখনৰ বিনিময়ত ৭-৮ হাজাৰ টকা লৈ ধান ক্ৰয় কৰি এই দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উঠিছে ।ইফালে  কঠিয়াতলী কেন্দ্ৰৰ পৰিদৰ্শকে কেন্দ্ৰটোৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰিছে আৰু কোনো ধৰণৰ অনিয়ম নোহোৱা বুলি জানিবলৈ দিয়ে ।

 

Your Comments