লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে কংগ্ৰেছে

লেসীগ

নামৰূপৰ পৰা সমীৰণ বৰুৱা
ৰাজ্যত নিৰ্বাচনক লৈ গৰম বতাহ বলিছে। ক’ৰবাত যদি বিজেপিৰ গৰম বতাহে দহি-পুৰি মৰিছে, ক’ৰবাত আকৌ কংগ্ৰেছৰ গৰম বতাহজাকে বাৰুকৈয়ে চুই গৈছে সাধাৰণ জনতাক। বচ, চাৰিওফালে কেৱল গৰম, গৰম আৰু গৰম বতাহ। সভাত ১৩ নং ডিব্ৰুগড় লোকসভা কংগ্ৰেছৰ সমৰ্থীত প্ৰাৰ্থী পৱনসিং ঘাটোৱাৰে ৰাইজক উদ্দেশ্যে ভাষণত কয় যে নৰেন্দ্ৰ মোডী ডাঙৰীয়াই যোৱা বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনত অসমৰ জনতাক আভোৱা ভৰা কথাৰে ৰাইজৰ পৰা ভোট ভিক্ষা কৰি দেশৰ প্ৰধানমন্ত্ৰী হ’ল।

কিন্ত অসমৰ জনতাক দিয়া সেই প্ৰতিছবি আজিও কাৰ্যকৰী নকৰি এইবাৰ আকৌ অসমৰ জনতাক ভোট ভিক্ষা কৰিবলৈ আকৌ আহিব। ক’ত গ’ল টালি-টোপোলা বান্ধি বাংলাদেশী খেদাম কোৱা কথা, ক’লৈ গ’ল অসম আৰু বাংলাদেশৰ সীমাত কাটাতাৰৰ বেৰা । এইয়া দেশৰ জনতাক মিছা প্ৰলোভন দি গাদী ৰক্ষা কৰা নৰেন্দ্ৰ মোডী চৰিত্ৰ। গতিকে ৰাইজ অহা ১১ এপ্ৰিলত আপোনাৰ বহুমূলীয়া ভোটটি এজন ৰাইজৰ হকে কামকৰা লোকক ভোট দিয়ক।

দেশৰ বাবে-দহৰ বাবে। উল্লেখ্য যে আজি নামৰূপ সাৰ কাৰখানাৰস্থিত ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চত ৰণডংকা বজালে কংগ্ৰেছে। জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি উমেশ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ দলৰ একাংশ নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। সভাত তিনি শতাধিক জনতাই ভাগ লোৱা সভাত নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়িকা, মন্ত্ৰী প্ৰণতি ফুকন,  জাতীয় জাতীয় কংগ্ৰেছৰ ডিব্ৰুগড় জিলাৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ লগতে যুৱ কংগ্ৰেছৰ, জিলা সভাপতি মিৰাজ হুছেইন নামৰূপ জিলা পৰিষদত সদস্য ৰিখেশ্বৰ ওৱাংচু আদি৷

Your Comments