বিনিয়োগ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত গুজৰাটক চেৰ পেলাই দিল্লীয়ে শীৰ্ষস্থান লাভ কৰিছে | এন চি এ ই আৰ নামৰ এক অৰ্থনৈতিক 'থিংক টেংক' দেশৰ ২০খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত ৰাজ্যৰ ওপৰত চলোৱা এক সমীক্ষাৰ প্ৰতিবেদনত দিল্লীক এই ৰেংকিং প্ৰদান কৰা হৈছে ৷ দেশৰ ৰাজধানীৰ পিছতে এই ৰেংকিঙত স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু, গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কেৰালা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু পশ্চিমবংগই ৷
মাটি, বনুৱা, আন্তঃগাঁথনি, অৰ্থনৈতিক পৰিৱেশ, প্ৰশাসন আৰু ৰাজনৈতিক সুস্থিৰতা- এই ৬টা স্তম্ভৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং প্ৰদান কৰা হৈছে ৷
তাৎপৰ্যপূৰ্ণভাৱে এই ৰেংকিঙত অসমৰ স্থান হতাশজনকভাৱে একেবাৰে তলত ৷ অসম চৰকাৰে অসমক বিনিয়োগৰ বাবে অগ্ৰাধিকাৰ দিবলগা প্ৰথম ৰাজ্য হিচাপে ঢাক-ঢোল বজাই কোটি কোটি টকা খৰচ কৰি 'এডভাণ্টেজ আছাম' শীৰ্ষক বিশ্ব বিনয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ সময়তে এই ৰেংকিঙে স্পষ্ট কৰি দিলে অসমৰ এই ক্ষেত্ৰত পুতৌজনক ছবিখন ৷
চৰকাৰীভাৱে কোটি টকাৰ শৰাধ কৰি বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ পিছত এই ৰেংকিং অনুসৰি অসমত যে বিনিয়োগ সম্ভাৱনীয়তা একেবাৰে ক্ষীণ সেই কথা স্পষ্ট কৰিল ৷ উল্লেখ্য যে ৰেংকিং তালিকাত অসমৰ স্থান তলৰ পৰা ৩ নম্বৰত ৷ অসমৰ পিছত বিনিয়োগৰ অতি কম সম্ভাৱনাপূৰ্ণ ৰাজ্য দুখন হ'ল ক্ৰমে ঝাৰখণ্ড আৰু বিহাৰ ৷ প্ৰতিবেদনত প্ৰকাশ পোৱামতে ছয়টা স্তম্ভৰ ভিতৰত অসমে দিব পৰা একমাত্ৰ সুবিধাটো হ'ল মাটি ৷ এই ক্ষেত্ৰত বিহাৰৰ সম্ভাৱনীয়তা কেৱল বনুৱা ৷
- Log in to post comments
- 134 views