চেঙাত দৌল উৎসৱ উপলক্ষে হোলী গীত প্ৰতিযোগিতা সম্পন্ন

chenga_

বিগত বছৰৰ দৰে এইবেলিও দৌল মহোৎসৱৰ লগত সংগতি ৰাখি চেঙা চিলাৰায় বীৰ নাম দলৰ উদ্যোগত আৰু বৰচেঙা পাৰা পঞ্চায়তৰ পূৰ্ণ সহযোগত বৃহস্পতিবাৰে সন্ধিয়া মুকলি হোলীগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । বৰচেঙা পাৰা কীৰ্তন ঘৰ প্ৰাঙ্গণত অনুষ্ঠিত মুকলি হোলী গীত প্ৰতিযোগিতা উদ্বোধন কৰে কনক চন্দ্ৰ ঠাকুৰীয়াই। প্ৰায় কুৰিটা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম স্থান বৰপেটাৰ ঊষা দাসৰ দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান যুটীয়াকৈ লাভ কৰে চেঙা আৰু বহৰিৰ মিলিজুলি দলে।

প্ৰতিযোগিতাৰ শেষত পুৰস্কাৰবোৰ ক্ৰমে প্ৰয়াত কুমুদ কুমাৰ চৌধুৰী সোঁৱৰণী ৫০০১ টকা আৰু প্ৰয়াত দুৰ্গেশ্বৰী পাঠক সোঁৱৰণী ৩০০১ টকা বিজয়ী দলবোৰক প্ৰদান কৰা হয় । নিচুকণী  বঁটা ৫০১ টকা লাভ কৰে প্ৰিয়ানুজ চৌধুৰীৰ দলে। ইফালে বৰচেঙা পাৰা পঞ্চায়তৰ অন্তৰ্গত জ্যেষ্ঠ-কণিষ্ঠ নাট্য শিল্পীসকলে গাঁওখনৰ নাট্যধাৰাক  অক্ষুণ্ণ ৰাখি এইবেলিও দৌল মহোৎসৱ উপলক্ষে পূৰ্ণাংগ নাট 'নিষিদ্ধ বন্ধন' মঞ্চস্থ কৰে।

বিশিষ্ট নাট্যকাৰ ৰমা বৰ্মনৰ 'বিষাক্ত বন্ধন' নাটখনৰ সফল মঞ্চায়নে ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বৰচেঙা পাৰা পঞ্চায়তৰ সহযোগত দৌল মহোৎসৱ উপলক্ষে বিগত বছৰসমূহত বৰচেঙাৰ নাট্য শিল্পীসকলে এনেদৰে নাট মঞ্চস্থ কৰি আহিছে ।

Your Comments