নগাঁও লোকসভা সমষ্টিৰ বাবে আঙুৰলতাৰ নাম উচ্চাৰণ হোৱাটো বিচৰা নাই সমষ্টিবাসীয়ে

নগাঁও লোকসভা সমষ্টিৰ বাবে আঙুৰলতাৰ নাম উচ্চাৰণ হোৱাটো বিচৰা নাই সমষ্টিবাসীয়ে

বটদ্ৰৱাৰ পৰা মানসজ্যোতি মহন্ত

নগাঁও লোকসভা সমষ্টিত অবাঞ্চিতভাৱে প্ৰাৰ্থী তালিকাত আঙুৰলতাৰ নামৰ সৰৱ আলোচনাত অসন্তুষ্ট বটদ্ৰৱাবাসী৷
 লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিত প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা, চাৰিবাৰৰ সাংসদ বৰ্তমানৰ ৰে'ল মন্ত্ৰী ৰাজেন গোঁহায়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটোত বৰ্তমান টিকটক লৈ নানা ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সূত্ৰপাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰাজেন গোঁহাইৰ মাজত টিকটকেন্দ্ৰিক সংঘাত পৰিলক্ষিত হৈছে। এই প্ৰসংগত শেহতীয়াভাৱে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাৰ নাম নগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে সঘনে ব্যৱহৃত হৈছে।

এই ক্ষেত্ৰত বটদ্ৰৱা সমষ্টিৰ সচেতন ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে। কিয়নো ১৯৮৫ চনত প্ৰথম অকংগ্ৰেছী চৰকাৰ হৈছিল অসমত। তেতিয়া বটদ্ৰৱা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল দিগেন বৰাই। বটদ্ৰৱা সমষ্টিৰ ৰাইজে তেওঁক দক্ষ ৰাজনৈতিক হিচাপে মানি লৈছিল যদিও মাত্ৰ ৫ বছৰ চৰকাৰ কৰাৰ পাছত পুনৰ অসমত কংগ্ৰেছৰ চৰকাৰ আহে আৰু বটদ্ৰৱা সমষ্টিটো গৌতম বৰাৰ হাতলৈ গুচি যায়। ১৯৯৬ চনত পুনৰ অসমত অগপই চৰকাৰ গঠন কৰে৷

নগাঁও লোকসভা সমষ্টিৰ বাবে আঙুৰলতাৰ নাম উচ্চাৰণ হোৱাটো বিচৰা নাই সমষ্টিবাসীয়ে

তেতিয়া আকৌ দিগেন বৰাই বটদ্ৰৱা সমষ্টি দখল কৰে। ২০০১ৰ পৰা ২০১৫ চনলৈ পুনৰ অসমত ধাৰাবাহিকভাৱে কংগ্ৰেছে চৰকাৰ গঠন কৰে আৰু গৌতম বৰাই বটদ্ৰৱা সমষ্টিৰ বিধায়কৰ আসন দখল কৰে। বটদ্ৰৱা সমষ্টিটো ১৫ বছৰ কংগ্ৰেছৰ দখলত থকা অৱস্থাত সমষ্টিটো বিধ্বস্ত অৱস্থাত পৰিণত হৈছিল আৰু তাৰ পৰা পৰিত্ৰাণ বিচাৰি অসমৰ লগতে বটদ্ৰৱা সমষ্টিৰ ৰাইজেও বিজেপিক চৰকাৰ দখল কৰিবলৈ সুবিধা দিয়ে। আনহাতে, ২০১৬ চনত অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈছিল আৰু বটদ্ৰৱা সমষ্টিটো আঙুৰলতাৰ দখললৈ আহিছিল। এই বিধ্বস্ত হৈ থকা সমষ্টিটোত আঙুৰলতা ডেকাই দায়িত্বভাৰ গ্ৰহণ কৰি দুবছৰ ৯ মাহত তেওঁৰ কৰ্মদক্ষতা অসম তথা বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ মাজত সজোৰে প্ৰতিপন্ন কৰিছে।

কংগ্ৰেছৰ গৌতম বৰাৰ ১৫ বছৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ আঙুৰলতা ডেকাৰ দুবছৰ ৯ মাহ কালৰ সমষ্টিৰ উন্নয়ন ৰাইজৰ মাজত পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰ অহাৰ পাছত বটদ্ৰৱাৰ ৰাইজৰ মাজত যি অভাৱ অনুভৱ কৰিছিল সেই অভাৱ আঙুৰলতা ডেকাই দূৰ কৰি ৰাইজৰ মাজত হাঁহি বিৰিঙিয়াই এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰিছে। গতিকে এনে এগৰাকী জননেত্ৰীক বটদ্ৰৱাবাসী ৰাইজে উন্নতি হোৱাত সদায় বিচাৰে৷ কিন্তু নগাঁও লোকসভা সমষ্টিত বিজেপিৰ দুই ৰাজনৈতিক নেতাৰ মাজত টিকটকেন্দ্ৰিক সংঘাত হৈ থকা অৱস্থাতে বটদ্ৰৱাৰবিধায়িকা আঙুৰলতা ডেকাৰ নাম নগাঁও সমষ্টিৰ দুই নেতাৰ খণ্ডযুদ্ধৰ মাজত উচ্ছাৰিত হোৱাত বটদ্ৰৱা সমষ্টিৰ সচেতন ৰাইজ তথা যুৱ প্ৰজন্ম মৰ্মাহত হৈ পৰিছে।

গতিকে বিজেপিৰ ৰাজ্যিক নেতৃত্বক বটদ্ৰৱাবাসী ৰাইজ তথা  যুৱপ্ৰজন্মই আহ্বান জনাইছে যে বটদ্ৰৱা থানলৈ বটদ্ৰৱাৰ বিধায়িকাই ১৫০ কোটি টকাৰ ধন আবণ্টন কৰি সমষ্টিবাসীৰ প্ৰিয়পাত্ৰ হোৱাৰ লগতে সমষ্টিৰ সন্মান ঘূৰাই আনিবলৈ সক্ষম হ'ল, এইগৰাকী নেত্ৰীৰ সন্মান সদায় অক্ষুণ্ণ ৰাখিবলৈ দুজন নেতাৰ খণ্ড যুদ্ধৰ মাজত বিধায়িকা আঙুৰলতাৰ নাম উচ্ছাৰিত হোৱাটো সমষ্টিবাসীয়ে বিচৰা নাই।

Your Comments