আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ গুৱাহাটীৰ আউনীআটী শাখা সত্ৰ অতিথিশালাৰ শুভ উদ্বোধন আৰু কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে আয়োজিত সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়- ‘জ্ঞান হৈছে অভিজ্ঞতাৰে আহৰণ কৰা মহাশক্তি ৷ সেইবাবে জ্ঞানৰ দ্বাৰা আহৰণ কৰা শক্তি কৰ্মজীৱনলৈ ৰূপান্তৰ কৰিব লাগিব৷ ভাল মনৰ অধিকাৰী হ’বলৈ আধ্যাত্মিক শক্তিৰ প্ৰয়োজন ৷ আমাৰ উঠি অহা প্ৰজন্মই আধ্যাত্মিক চেতনাৰে মানৱীয় মূল্যবোধৰ প্ৰসাৰ ঘটাব লাগিব ৷’
মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীয়ে ৰাজ্যখনৰ লগতে দেশ আৰু বিদেশতো শক্তশালী আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ সক্ষম হৈছে ৷ এইগৰাকী সত্ৰাধিকাৰে গুৰুজনাৰ সপোন বাস্তৱায়িত কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছে ৷ আমাৰ সমাজ ব্যৱস্থা শৃংখলাবদ্ধ কৰি শান্তিপূৰ্ণ জীৱন-যাপনৰ পৰিৱেশ ৰচনাৰ বাবে তথা অধ্যাত্মিক জাগৰণৰ সূচনাৰ বাবে কাম কৰিব লাগিব ৷ এই ক্ষেত্ৰত পিতাম্বৰ দেৱগোস্বামীয়ে আধ্যাত্মিক জ্ঞানৰ পোহৰ বিলাবলৈ যি প্ৰয়াস চলাই আহিছে তাৰফলত সমাজখনত আধ্যাত্মিক দিশেৰে ইতিবাচক এক পৰিৱেশ ৰচনা হৈছে ৷
ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে মানৱীয় চেতনা নাথাকিলে প্ৰকৃত মাৱ হিচাপে নিজকে গঢ় দিব পৰা নাযায় ৷ সকলো নাগৰিকে মানৱীয় অনুভূতি, প্ৰকৃতি আৰু প্ৰাণীৰ অনুকূল বাতাৱৰণ সৃষ্টিৰ বাবে চিন্তা কৰিব লাগিব ৷ এই মহাশক্তি আহৰণ কৰিবলৈ হ’লে আধ্যাত্মিক জ্ঞানৰ অতিশয় প্ৰয়োজন বুলিও মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে ৷
৬ হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ ধ্বজাবাহক হিচাপে আমাৰ যি গৌৰৱ আছে সেই গৌৰৱ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দৰে কেতবোৰ অপশক্তিয়ে ম্লান কৰিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে আৰু কয় যে সমাজখনত ভাল মানুহ গঢ় দিয়াৰ বাবে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ত্ৰী আৰু সমাজৰ জ্যেষ্ঠজনে নতুন প্ৰজন্মক জ্ঞানৰ পোহৰ দিব লাগিব ৷ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, অনিৰুদ্ধদেৱে যি আধ্যাত্মিক জ্ঞান প্ৰদান কৰি গৈছে, সেই বাটেৰেই আমি আগবাঢ়িব লাগিব ৷
আউনীআটী সত্ৰই ধিঙত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১২ বিঘা মাটি দান দিয়া বিষয়টোক উচ্চ প্ৰশংসা কৰি মুখ্য মন্ত্ৰীয়ে কয় যে হিমা দাসে অসমীয়া জাতি যে শক্তিশালী সেয়া প্ৰতিপন্ন কৰিছে৷ প্ৰধান মন্ত্ৰীয়েও হিমা দাসৰ এই কৃতিত্বক উচ্চ প্ৰশংসা কৰি প্ৰেৰণা যোগাইছে বুলি মুখ্য মন্ত্ৰীয়ে ব্যক্ত কৰে ৷
- Log in to post comments
- 8 views