দৰকাৰ হ’লে পশ্চিমবঙ্গৰ মানুহে এবেলা খাব, কিন্তু বিপদৰ দিনত ৪,০০৭,৭০৭জন অসমত বিপদত পৰা মানুহৰ পক্ষত থিয় হ’ব ৷ এইসকল বঙালী, যাৰ ভাষা বাংলা, বাংলা সংস্কৃতিৰ যিসকল ধাৰক-বাহক ৷ পশ্চিমবঙ্গৰ বিধানসভাত এই মন্তব্য প্ৰকাশ কৰে পশ্চিমবঙ্গৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ পশ্চিমবঙ্গৰ বিধানসভাত সকলো দলৰ প্ৰতিনিধিয়ে মমতা বেনাৰ্জীৰ সুৰতেই বক্তব্য প্ৰকাশ কৰিলে ৷
পশ্চিমবঙ্গ বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে অসমৰ এন আৰ চিৰ বাহিৰত থাকিবলগা হোৱা ৪০ লাখ মানুহক ভাৰতীয় হিচাপে পূৰ্ণ মৰ্যাদা দিব লাগে৷ প্ৰস্তাৱ উত্থাপন কৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ পাৰ্থ চক্ৰৱৰ্তীয়ে কয়- ‘বঙ্গ আৰু বঙালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ হৈছে ৷ ধৰ্মৰ নামত মানুহৰ মাজত বিভেদ সৃষ্টি কৰা হৈছে ৷ এনে ব্যৱস্থা আমি হ’বলৈ নিদিওঁ ৷’
বাওঁপন্থী নেতা ড০ সুজন চক্ৰৱৰ্তীয়ে কয়, ‘বিজেপি তথা বিজেপিৰ পূৰ্বসুৰীসকলে দেশৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰিছিল ৷ বিজেপিয়ে ৰবীন্দ্ৰনাথ, নজৰুল আৰু অমৰ্ত্য সেনক অপমান কৰি আহিছে ৷’
সুব্ৰত মুখাৰ্জীয়ে কয়, ‘দ্বিতীয় বিশ্বযুদ্ধত ন্যাৎসি বাহিনীয়ে ইহুদিসকলৰ ওপৰত কৰা অত্যাচাৰক বিজেপিয়ে অসমৰ বঙালীসকলৰ ওপৰত একে আচৰণ কৰিছে ৷’ বিধায়কগৰাকীয়ে কয়, ‘বিজেপিয়ে য’ত সমৰ্থন লাভ কৰিব নোৱাৰে, তাতে পৰিৱেশ নষ্ট কৰিব বিচাৰে ৷ বহু বছৰৰ পৰা বিজেপিয়ে বাংলা আৰু বঙালী লোকসকলৰ প্ৰতি লক্ষ্য কৰি আছে ৷’ তেওঁ মুখ্য মন্ত্ৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দলক দিল্লীলৈ গৈ অসমৰ বঙালী আৰু অন্যসকলৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে ৷
বঙ্গৰ বিধানসভাৰ মজিয়াত বিধায়ক সুখবিলাস বৰ্মাই কয়- ‘১৯৭১ত ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতৰ সহযোগত এখন ৰাষ্ট্ৰ বাংলাদেশৰ জন্ম হৈছিল ৷ বাংলাদেশৰ পৰা লোকসকল অহাত বাধা ক’ত ?’ বিধায়ক তাপস ৰায়, বিশ্বনাথ চৌধুৰী, চন্দ্ৰিমা ভট্টাচাৰ্যই বক্তব্য প্ৰকাশ কৰি কয় যে ভাৰতক এতিয়া খণ্ডিত কৰাৰ চক্ৰান্ত চলিছে ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত বঙালী লোকসকলে বহু ত্যাগ কৰিলে, এতিয়া বঙালীসকলেই আক্ৰান্ত হ’বলগা হৈছে ৷
অসমত শান্তিপূৰ্ণভাৱে থকা বঙালী লোকসকলক লৈ পশ্চিমবঙ্গৰ বিধানসভাত হোৱা আলোচনাই বহুকেইটা সামাজিক আৰু ৰাজনৈতিক দিশ স্পষ্ট কৰিছে ৷ ৰাজনৈতিক বিশ্লেষকসকলে পশ্চিমবঙ্গৰ শেহতীয়া ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰতি বিশেষ লক্ষ্য ৰখা পৰিলক্ষিত হৈছে ৷
- Log in to post comments
- 26 views