"ৰাষ্টীয় নাগৰিকপঞ্জী ভাৰত চৰকাৰৰ আভ্যন্তৰীণ বিষয় । এই বিষয়ত ভাৰত চৰকাৰে বাংলাদেশৰ লগত কোনোধৰণৰ যোগাযোগ কৰা নাই । বাংলাদেশে এই বিষয়ত মূৰ ঘমোৱাৰ প্ৰয়োজন নাই ।" এই বক্তব্য বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হাছানুল হক ইনুৰ । অসমৰ নাগৰিকপঞ্জীক লৈ উদ্বিগ্ন নহয় বাংলাদেশ । মন্ত্ৰী হকে সাংবাদিকক জনায় যে অসমত এন আৰ চিত বাদ পৰা ৪০ লাখৰ এজনো বাংলাদেশী নহয় । এইসকলক বাংলাদেশলৈ ঠেলি পঠিওৱাৰ কোনো সম্ভাৱনা নাই । বাংলাদেশৰ মন্ত্ৰীগৰাকীৰ মন্তব্যই ভাৰত চৰকাৰৰ চৰিত্ৰ স্পষ্ট কৰিলে ।
- Log in to post comments
- 12 views