সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত কৰ্মী-সহায়িকাৰ তলাবন্ধ কাৰ্যসূচী

changa_barpeta

আজি বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তলাবন্ধ কাৰ্যসূচী  ৰূপায়ণ কৰে কৰ্মী-সহায়িকাসকলে। কৰ্মী-সহায়িকাৰ বন্ধ হৈ থকা পাঁচ মাহৰ মাননি মুকলি কৰি দিয়াৰ দাবীত আৰু অবৈধ নিযুক্তি বাতিলৰ দাবীত আজি কৰ্মী-সহায়িকাসকলে তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে। তলাবন্ধ কাৰ্যসূচী চলি থকাৰ সময়তে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ কৰ্মী-সহায়িকাৰ সমস্যাসমূহৰ বুজ লয় আৰু কাৰ্যালয়টোৰ কৰ্মচাৰী দীপক চৌধুৰী আৰু ছুপাৰভাইজাৰক জবাবদিহি কৰে ।

অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ বৰপেটা জিলা সমিতিৰ সম্পাদিকা ডলী মইনা চৌধুৰীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ অবৈধ নিযুক্তি বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে ৰুমী তালুকদাৰক যোগ্যতাৰ ভিত্তিত কৰ্মী পদলৈ পদোন্নতি দিবলৈ দাবী জনায়। আনহতে কাৰ্যালয়টোত চলি থকা দুৰ্নীতি বন্ধ কৰি কৰ্মী সহায়িকাৰ মাননি নিয়মীয়া কৰিবলৈ দাবী উত্থাপন কৰে চৌধুৰীয়ে। 

Your Comments