২৯ নং চেঙা মুছলমানপাৰা অভ্যাসন মজলীয়া বিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযান চেঙাৰ উদ্যোগত আৰু বৰপেটা জিলাৰ সহযোগত আজি খণ্ড পৰ্যায়ৰ জ্ঞান মেলা-২০১৯ অনুষ্ঠিত হয় । জীৱনৰ প্ৰত্যাহ্বানৰ বিপৰীতে বিজ্ঞানসন্মত সমাধান বিচাৰি চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত বিজ্ঞানৰ নমুনা প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়।
পুৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পিছত আবেলি ৩ বজাৰ পৰা চেঙা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ বুবুল শৰ্মাৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । সভাখনত বিশিষ্ট অতিথি হিচাপে জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল দাসে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । চেঙা খণ্ডৰ অন্তৰ্গত ৮০(আশী)খন উচ্চ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৫০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান মেলাত অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 13 views