গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসমত পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাওনা নাটসমুহ সংৰক্ষণ কৰি ৰখাৰ বিশ্বায়ন প্ৰয়াস৷ প্ৰস্তুত হ'ল বিভিন্ন মহাপুৰুষীয়া নাটৰ পিডিএফ ফাইল, উপলব্ধ হ'ব সকলো মহাপুৰুষীয়া নাট ইণ্টাৰনেটত৷ যাৰ জড়িয়তে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সংস্কৃতিবান ব্যক্তিয়ে উক্ত নাটসমূহ ইণ্টাৰনেট যোগেৰে সংগ্ৰহ কৰি সৰ্বাংগ সুন্দৰৰূপে যথোচিত ভাওনা নীতিৰে ভাওনা পৰিৱেশন কৰিব পাৰিব৷
এই প্ৰচেষ্টা হাতত লৈছে, "অসমীয়া ভাওনা সংস্কৃতি" নামৰ শীৰ্ষক ইউ টিউৱ আৰু ফেচ বুক গ্ৰুপৰ কেইজনমান বিশেষ ব্যক্তিয়ে, মূলতঃ গুৰি ধৰোতা লক্ষীমপুৰৰ যুৱক ধ্ৰুৱজ্যোতি বৰুৱা৷ বৰ্তমান প্ৰায় ১৪০০ লোকে চাছক্ৰাইব কৰা ইউ টিউল চেনেলত অসমৰ বিভিন্ন শিল্পীৰ অভিনয় প্ৰতিভাৰ ভিডিঅ' উপলব্ধ৷ "অসমীয়া ভাওনা সংস্কৃতি" নামৰ শীৰ্ষক ফেচবুক গ্ৰুপত থকা বৰ্তমান সদস্যৰ সংখ্যা হৈছে প্ৰায় ৪০০০ জন৷
বৰ্তমান বিজ্ঞান-প্ৰযুক্তি তথা পশ্চিমীয়া সংস্কৃতিৰ ব্যয় বহুল ব্যৱহাৰৰ সমান্তৰালভাৱে আৰম্ভ কৰা ভাওনাৰ নাটসমূহৰ বিশ্বায়ন সংৰক্ষণে অসমীয়া জাতিকো লাভাম্বিত কৰিব৷ অসমৰ বিভিন্ন প্ৰান্তৰ গণ্য লোকৰ পৰা সংগ্ৰহ কৰা বহু পুৰণি নাটসমূহ এনেদৰেই বহু কষ্টৰে সংগ্ৰহ কৰা বহু পুৰণি মহাপুৰুষীয়া নাটসমূহ পিডিএফৰ যোগেৰে ইণ্টাৰনেটত পাব, এটা লিংকত গৈ পিডিএফটো ডাউনলোড কৰিব পাৰিব আপুনি৷
বৰ্তমানলৈকে বিপ্ৰ দামোদৰ উপাখ্যান, দন্ত বক্ৰৰ মুক্তিলাভ, নৃসিংহ মূৰাৰী, একলব্যৰ গুৰু দক্ষিণাকে আদি কৰি প্ৰায় নখন নাটৰ পিডিএফ ইণ্টাৰনেটত উপলব্ধ হৈছে আৰু বাকী নাটসমূহৰ কামো চলি আছে৷ যদি কোনো ইচ্ছুক তেন্তে ৭৮৯৬৮৮২৭৫৪ এই নম্বৰৰ লগত যোগাযোগ কৰিব পাৰে৷
- Log in to post comments
- 964 views