বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে বিলাসীপাৰাত অসম জন মৰ্চাৰ ৰাজহুৱা সভা অলপতে অনুষ্ঠিত হৈ যায়। যোৱা ২৪ ফেব্ৰুৱাৰী দুপৰীয়া ১২ বজাত বিলাসীপাৰা পূৱ সমষ্টিৰ টিলাপাৰা সন্তেষপুৰ গাঁৱত আৰু বিয়লি ৩(তিনি) বজাত পশ্চিম সমষ্টিৰ নায়েৰ আলগা বজাৰ প্ৰাঙ্গণত অসম জন মৰ্চাৰ ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
উক্ত ৰাজহুৱা সভাত বৰ্তমান শেহতীয়া ৰাজনৈতিক পৰিস্থিতি, নিবনুৱা সমস্যা, এনআৰচি সমস্যা আৰু উচ্ছেদ অভিযান আদিৰ লগতে ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন আঁচনিৰ কাম-কাজত দুৰ্নীতি হোৱা সম্পৰ্কে আৰু আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে অসম জন মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰী, হোজাই জিলা সভাপতি জাফৰ ইকবাল, সম্পাদক জামাল উদ্দিন আৰু দৰং জিলা সভাপতি লোকমান আলীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। তেওঁলোকৰ ভাষণত ৰাইজে আকৰ্ষিত হৈ পৰে আৰু নতুন দলটোক আদৰণি জনায়।
- Log in to post comments
- 7 views