হাজোত অগপ কৰ্মী ইমান আলীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ
আজি ৰাতিপুৱা ৬ বজাত কামৰূপ জিলাৰ অন্তৰ্গত ৫৫নং হাজো বিধান সভা সমষ্টিৰ বঙালপাৰা আঞ্চলিক সমিতিৰ অসম গণ পৰিষদ দলৰ নিষ্ঠাবান কৰ্মী মাননীয় ইমান আলীৰ অকাল মৃত্যুত অঞ্চলজুৰি শোক ছাঁ পৰিছে।
হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুক সাবটি লোৱা ইমান আলীৰ মৃত্যুৰ সময়ত বয়স প্ৰায় ৫৫ বছৰ হৈছিল ।
অগপ জন্মলগ্নৰ পৰা তেখেতে নিষ্ঠা আৰু সততাৰে সাংগঠনিক কাম-কাজত কৰি আহিছিল।
আজি হঠাতে কৰ্মী গৰাকীৰ মৃত্যু হোৱাৰ বাবে অগপ দলটিৰ অপূৰণীয় ক্ষতি হল বুলি মত পোষণ কৰে অগপ দলৰ কেন্দ্ৰীয় নেতা নুৰুল হুছেইনদেৱে ।
আজি দুপৰীয়া ১.০০ বজাত বঙালপাৰা কৱৰস্থানত হাজাৰৰ অধিক লোকৰ উপস্থিতিত ইমান আলীদেৱৰ জানাজা নামাজ সম্পন্ন কৰা হয় ।
ইমান আলীৰ মৃত্যুত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক নুৰুল হুছেইন, অসম যুৱ পৰিষদ, কামৰূপ জিলা সমিতি সম্পাদক আতাউৰ ৰহমান, অগপ নেতা হবিবুৰ ৰহমান, হাজো অগপ সমিতিৰ উপ সভাপতি গোলোক ওজা, বঙালপাৰা আঞ্চলিক সমিতি অগপৰ হুছেই আলী আহমেদ, তৈবুৰ ৰহমান, নুৰুল ইছলাম, বঙালপাৰা গাওঁ পঞ্চায়তৰ কাউন্সিলাৰ লুতফৰ ৰহমান আৰু সভানেত্ৰী জাহানাৰা বেগমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন জ্ঞাপন কৰে।
- Log in to post comments
- 41 views