নাহৰকটীয়াৰ পৰা সমীৰণ বৰুৱা
আজি নাহৰকটীয়া চাহ বাগিচাত অনুষ্ঠিত হয় এক শোক সভাৰ৷ গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই মদ সেৱণ কৰি যি ১৭১ৰো অধিক লোক মৃত্যুৰ মুখত পৰে তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ২ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে উক্ত শোকসভাখনত ৷ এই সভাখনত নাহৰকটীয়া চাহ বাগিচাৰ পৰিচালক জয়ন্ত শৰ্মাকে ধৰি সকলো মেনেজমেণ্ট ষ্টাফ উপস্থিত থাকে৷
অসম চাহ কৰ্মচাৰী সংঘৰ নাহৰকটীয়া চাহ বাগিচাৰ সম্পাদক হোমেস ৰাওকে ধৰি বহুকেইজন সদস্য আৰু অসম চাহ মজদুৰ সংঘৰ নাহৰকটীয়া চাহ বাগিচাৰ বিষয়ববীয়া আৰু বাগিচাত কৰ্মৰত সকলো কৰ্মচাৰী, উপ-কৰ্মচাৰী আৰু চাহ শ্ৰমিকসকলো এই শোকসভাখনত উপস্থিত থাকে৷ তেওঁলোকে এই শোক সভাখনৰ যোগেদি চৰকাৰখনক অতিশীঘ্ৰে লালিগুৰ বিক্ৰী বন্ধ কৰা আৰু চুলাই মদৰ ঘাটিসমূহ উৎখাত কৰি সুৰামুক্ত জনজীৱন গঢ়ি তুলিবলৈ আহ্বান জনায় ৷
- Log in to post comments
- 15 views