এন আৰ চি সম্পৰ্কত ৪ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক

এন আৰ চি সম্পৰ্কত ৪ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক

অহা ৪ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটী দিল্লীত এক বৈঠকত মিলিত হ'ব ৷ উক্ত বৈঠকত অন্যান্য প্ৰসংগৰ লগতে দেশৰ ৰাজনৈতিক অৱস্থা আৰু অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ বৈঠকখন অনুষ্ঠিত হ'ব দলৰ সভাপতি ৰাহুল গান্ধীৰ বাসগৃহত ৷ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এইখন হ'ব দ্বিতীয়খন বৈঠক ৷

উল্লেখ্য যে কংগ্ৰেছে এন আৰ চি সম্পৰ্কত কেন্দ্ৰ নৰেন্দ্ৰৰ মোডী চৰকাৰৰ ওপৰত অভিযোগ আনি কয় যে অতি স্পৰ্শকাতৰ বিষয়টোক তেওঁলোকে অতি লেহেমীয়া কৰিছে আৰু ইয়াৰ ফলত অসমত সুৰক্ষাজনিত সমস্যা সৃষ্টিৰ দিশে গতি কৰিছে ৷

কংগ্ৰেছৰ সিদ্ধান্ত নিৰ্ণয়কাৰী সৰ্বোচ্চ সমিতি কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এই বৈঠকত চলিত বৰ্ষত অনুষ্ঠিত হ'বলগা ৪ ৰাজ্যৰ বিধানসভা আৰু আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচন সম্পৰ্কেও আলোচনা হোৱাৰ আশা আছে ৷ 

Your Comments