দৰঙত আপত্তিবিহীন-প্ৰদূষণমুক্ত প্ৰমাণ-পত্ৰ অবিহনে চলিছে ইটাভাতা

দৰঙত আপত্তিবিহীন-প্ৰদূষণমুক্ত প্ৰমাণ-পত্ৰ অবিহনে চলিছে ইটাভাতা

দৰং জিলা প্ৰশাসনৰ চকুত ধূলি দি চলি আছে জিলাখনত থকা ৩৮টাকৈ ইটাভাতা উদ্যোগ। ৰ্দীঘদিন ধৰি জিলা প্ৰশাসনৰ একাংশ ঘোচখোৰ আমোলাক মেনেজ কৰি ইটাভাতাৰ মালিকসকলে চলচাতুৰিৰে আপত্তিবিহীন আৰু প্ৰদূষণমুক্ত প্ৰমাণ-পত্ৰ নোহোৱাকৈ উদ্যোগ চলাই থকাৰ অভিযোগ পোহৰলৈ আহিছে। কেৱল প্ৰয়োজনীয় নথি-পত্ৰয়ে নহয়, জিলাখনত ৰঘুমলাৰ দৰে গঢ়ি উঠা অধিকাংশ ইটাভাতাই ভূমি ব্যৱহাৰৰ ৰাজহ ধন বিভাগক আদায় নিদিয়াৰো গুৰুতৰ অভিযোগ উথাপিত হৈছে। কৃষিভূমি ধ্বংস কৰি পৰিৱেশ বিনষ্ট কৰা এই ইটাভাতা উদ্যোগৰ ক্ষেত্ৰত আলি আহমেদ নামৰ লোকজনে তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত লাভ কৰা তথ্যই উন্মোচিত কৰিছে ইটাভাতাৰ ৰাজহ ফাঁকিৰ ভয়ানক তথ্য।

স্থানীয় গাঁওবুঢ়া, ৰাজহ চক্ৰ বিষয়া, বন বিষয়াৰ পৰা আৰম্ভ কৰি উপায়ুক্ত-অতিৰিক্ত উপায়ুক্ত পৰ্যায়লৈকে ইটাভাতাৰ এই ৰাজহ ফাঁকিৰ লগত প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযোগ উঠিছে। তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি জিলাখনত থকা এম টি বি ইটাভাতাৰ গৰাকী ফিৰোজ আলম, এ বি আই উদ্যোগৰ গৰাকী ভৱেশ ৰাজবংশী, এম এম বিৰ গৰাকী মহেন্দ্ৰ মোহন কলিতা, বি টি আইৰ গৰাকী বিজয় বৰুৱা, এছ ডি আইৰ আব্দুছ চামাদ, আই বি আইৰ আফতাজুল হক, এছ এন ডিৰ দীপেন ৰাজবংশী, এল বি এলৰ স্বাগত ভাৱালৰ লগতে এছ বি আই, এম কে বি, কে পি আই, বি এন আই, এম টি বি, আই বি আই, ডি এম বিসহ ৩৮টাকৈ ইটাভাতা উদ্যোগে প্ৰশাসনক মেনেজ কৰি ৰাজহ ফাঁকিৰ এক অৰাজকতা গঢ়ি তুলিছে।

কোনো ধৰণৰ গুৰু-গোঁসাই নমনা এই ইটাভাতা উদ্যোগসমূহ চৰজমিন তদন্তৰ জৰিয়তে অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিয়ে উপায়ুক্তৰ ওচৰত দাবী জনাইছে। অৱশ্যে উপায়ুক্ত ঘনশ্যাম দাসৰ নিৰ্দেশত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত হৰিপ্ৰসাদ বৰাই ইটাভাতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত প্ৰদান কৰিছে যদিও ৰাজহ ফাঁকি দিয়া ইটাভাতাৰ পঞ্জীয়ন বাতিল নহ'লে গণ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে।

Your Comments