আজীৱন সততা আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰতি অবিচল হৈ থকা বিশিষ্ট শিক্ষাবিদ তথা নগাঁও জিলাৰ কুঁজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, নিবন্ধকাৰ, বিশিষ্ট সমাজ সংগঠক সত্য প্ৰসাদ বৰা আৰু নাই। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে তেখেতৰ বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ৷ নগাঁৱৰ হাতীচোং মৌজাৰ কুঁজীডাঁহত ১৯৩৯ চনত প্ৰয়াত ঘনকান্ত বৰাৰ ঔৰসত আৰু ব্ৰজমাই বৰাৰ গৰ্ভত জন্মগ্ৰহণ কৰা সত্য প্ৰসাদ বৰাই কুঁজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় প্ৰতিষ্ঠাৰ সময়ৰে পৰা বিদ্যালয়খনত শিক্ষকতা কৰিছিল। নীতি আৰু আদৰ্শৰ ক্ষেত্ৰত আপোচহীন হৈ থকা বৰা বৃহত্তৰ হাতীচোং অঞ্চলৰ আধুনিক শিক্ষাৰ বাটকটীয়াসকলৰ অন্যতম আছিল।
বৰাই ১৯৯৭ চনত কুঁজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছিল৷ এগৰাকী দৃঢ় আৰু কৰ্তব্যনিষ্ঠ সফল শিক্ষকৰূপে পৰিচিত তথা সকলোৰে মাজত "সত্য ছাৰ" হিচাপে সমাদৃত পথিকৃত শিক্ষাবিদগৰাকীয়ে বৃহত্তৰ হাতীচোং মৌজাৰ বহুকেইটা সামাজিক অনুষ্ঠানৰ লগত অংগাংগীৰূপে জড়িত থাকি গুৰু দায়িত্ব পালন কৰি গৈছে৷ তেওঁ শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদৰ সম্পাদকৰ দায়িত্ব, কুঁজীডাঁহ জুৰীয়া নামঘৰৰ সভাপতি, কুঁজীডাঁহ জুৰীয়া নামঘৰ ৰাস উৎসৱ উদ্যাপন সমিতিৰ সভাপতি, হাতীচোং মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা মনোনীত সদস্য, কুঁজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আদি দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল৷
তেওঁক সোণাইপৰীয়া কেন্দ্ৰীয় বিহু সন্মিলন, সদৌ কুঁজীডাঁহ ৰঙালী বিহু উৎসৱ উদ্যাপন সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁও নেহৰুবালিত অনুষ্ঠিত ৰঙালী বিহু উৎসৱ, বসন্ত উৎসৱ আদিত সম্বৰ্ধনা জ্ঞাপন কৰিছিল৷ আজি পুৱা তেওঁৰ নশ্বৰ দেহ জন্ম ঠাই কুজীঁডাঁহৰ কুঁৱাপাৰৰ বাসভৱন আহি পোৱাৰ পাছতে বিভিন্ন দল-সংগঠনৰ লগতে বহুসংখ্যক গুণমুগ্ধই তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পাছতে তেওঁৰ পুষ্পসজ্জিত নশ্বৰ দেহ কুঁজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাতীচোং মহাবিদ্যালয়, কুঁজীডাঁহ জুৰীয়া নামঘৰ, শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদ আদি অনুষ্ঠানলৈ নি ৰাইজে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ শিক্ষাবিদগৰাকীৰ এই অন্তিম যাত্ৰাত কুঁজীডাঁহ অঞ্চলৰ ৰাইজৰ লগতে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক জীতেন বৰকাকতি, পলাশ প্ৰতীম হাজৰিকা, বৈদ্যনাথ চাহানী আদিৰ লগতে সাংবাদিক নাজিম আহমেদ, নিলোৎপল বৰা, ছফিকুৰ ৰহমান, ভাস্কৰ মেধি, ৰকিবুল ৱাহিদ, ৱাহিদুদ জামান, বেদব্ৰত ৰাজা, ভাস্কৰ শইকীয়া, গকুল ভাৰতী, বেবেজীয়া প্ৰেছ ক্লাবৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কল্যাণ বৰা, ফটো সাংবাদিক গোপাল ৰয় আদিয়েও অংশ লয়। বিশিষ্ট শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিচত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দধিমোহন বৰা, শিক্ষাবিদ সুনীল বৰা, সুৰেশ মহন্ত, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা আদিয়ে শিক্ষাবিদগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অবদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।
তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, হোজাই সাহিত্য সভাৰ সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, প্ৰাক্তন মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, আজুৰ সভাপতি পংকজ কুমাৰ নাথ, কবি প্ৰয়াগ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্ত, সদৌ অসম কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সঞ্জীৱ চৌধুৰী, দৈনিক অসম কাকতৰ সম্পাদনা মেজৰ কৰ্মীবৃন্দ, নগাঁও প্ৰেছ ক্লাব, সদৌ অসম সাংবাদিক সন্থা (আজু), সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, যমুনাভেলী প্ৰেছ ক্লাব, হোজাই প্ৰেছ ক্লাব, লামডিং প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসম গণ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰে। মৃত্যুৰ সময়ত তেওঁ নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক তথা দৈনিক অসমৰ নগাঁৱৰ সাংবাদিক চন্দনজ্যোতি বৰাসহ তিনিজন পুত্ৰ আৰু বহু আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ যায়৷
- Log in to post comments
- 22 views