দেশবাসীক ভীতিগ্ৰস্ত কৰাৰ চক্ৰান্ত মমতাৰ

দেশবাসীক ভীতিগ্ৰস্ত কৰাৰ চক্ৰান্ত মমতাৰ

বহু চৰ্চিত আৰু প্ৰত্যাশিত অসমৰ নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ এদিন পিছতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি দিল্লীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাখনৰ বিপক্ষে অভিযোগ আনি কয় যে দেশত বিজেপিয়ে ‘ডিভাইড এণ্ড ৰুল’ৰ ৰাজনীতি কৰিছে৷ আৰু এখোপ আগুৱাই মমতাই কয়- ‘তেওঁলোকে মানুহক ভাগ ভাগ কৰিব বিচাৰিছে৷ ইয়াৰ ফলত দেশত ৰক্তস্নান আৰু অসামৰিক যুদ্ধৰ সৃষ্টি হ’ব৷’ লগতে তেওঁ উল্লেখ কৰে যে কালিলৈকে ৪০ লক্ষাধিক লোকে শাসকীয় দলৰ হৈ ভোট দিছিল আৰু অকস্মাতে তেওঁলোক আজি নিজ দেশতে শৰণাৰ্থীত পৰিণত হ’ল৷

mamata

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পৰিয়ালৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্তি নোহোৱা বিষয়টোও তেওঁ উনুকিয়ায়৷ ‘অসমৰ এন আৰ চিৰ তালিকাত প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পৰিয়ালৰ নাম নেদেখি মই আচৰিত হৈছোঁ৷ ইয়াতকৈ আৰু মই কি বেলেগ উদাহৰণ দিব পাৰোঁ? –মমতাই এইদৰে প্ৰতিক্ৰয়া ব্যক্ত কৰে৷

Your Comments