উত্তপ্ত ৰাজ্যসভাঃ গৰজি উঠিল বিশ্বজিৎ

উত্তপ্ত ৰাজ্যসভাঃ গৰজি উঠিল বিশ্বজিৎ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ পিছতেই যোৱা দুদিন ধৰি সংসদৰ দুই সদন উত্তাল হৈ আছে৷ একাংশ বিৰোধী দলে এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ পিছতেই সমগ্ৰ বিষয়টোক লৈ সংসদৰ ভিতৰে-বাহিৰে এক হূলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰি আহিছে৷ এনে সময়তে আজিও ৰাজ্যসভাত এন আৰ চি সম্পৰ্কত বিৰোধী দলসমুহে যথেষ্ট হৈ-ছৈৰ সৃষ্টি কৰি সদনৰ কামকাজ স্থৱিৰ কৰি তোলে৷ ৰাজ্যসভাত উপস্থিত থকা অসমৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আজি হূলস্থলীয়া পৰিবেশৰ মাজতে সংসদত আলোচিত এন আৰ চি বিষয়ক এক আলোচনাত অংশগ্ৰহণ কৰি অতি সৰব ভূমিকা পালন কৰা দেখা যায়৷

ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আজি ৰাজ্যসভাত গৰজি উঠা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ ভূমিকা সম্পৰ্কত নিউজ এ এছ এনৰ প্ৰতিনিধিৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত কয় যে, যোৱা দুদিন ধৰি বিৰোধী পক্ষই অসমৰ এন আৰ চিক লৈ সংসদত এক হূলস্থলিয়া পৰিবেশৰ সৃষ্টি কৰি আহিছে৷ তেওঁলোকৰ অভিযোগ এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা বৃহৎ সংখ্যক লোক ভাৰতীয় আছিল আৰু তেওঁলোকক কোনো মানৱীয়তাৰ দৃষ্টিভংগীৰে চোৱা নহ’ল৷

কালিৰ নিচিনাকৈ আজিও সংসদৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগেই বিৰোধী পক্ষই অসমৰ এন আৰ চিক লৈ আলোচনাৰ দাবী কৰে৷ এই ক্ষেত্ৰত মই আৰম্ভণীতে বিৰোধীতা কৰি কওঁ যে, ৪০,০৭,৭০৭ জন মানুহৰ নাম এন আৰ চিৰ খচৰাত বাদ পৰাৰ পিছতো অসমৰ সেই বাদ পৰা লোকসকলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি শান্তিপূৰ্ণভাৱে পূৰ্বৰ দৰেই সহবস্থান কৰি আছে৷ যিহেতু সেই সকলোৱে বুজে যে এইখন সম্পূৰ্ণ এন আৰ চি নহয়৷ সম্পূৰ্ণ এন আৰ চি প্ৰকাশৰ বাবে এতিয়াও বিভিন্ন স্তৰ অতিক্ৰম কৰিব বাকী আছে৷ মই দাবী কৰি ক’লো, এইখিনি অন্তত হ’ব দিয়ক৷

যেতিয়া অসম সমস্যাৰে জৰ্জৰিত হৈ থাকে তেতিয়া সংসদত কোনেও প্ৰশ্ন উত্থাপন নকৰে৷ কিন্তু অসমৰ জ্বলন্ত সমস্যা এটা যেতিয়া সমাধানৰ দিশত আগবাঢ়িছে তেনে সময়তে আপোনালোকে সংসদত হূলস্থূল আৰম্ভ কৰিছে৷ তেনে কৰা কেতিয়াও উচিত নহয়৷ যিতু বিষয়কলৈ ভুক্তভূগী অসমৰ মানুহেই সংকিত হোৱা নাই তেনে এটা বিষয়ক লৈ সংসদত বাক্‌ বিতন্দা কৰাটো বৰ দূৰৰ্ভাগ্যজনক৷ আজি সংসদৰ কাৰ্যক্ৰমৰ আৰম্ভণীৰ পৰাই তেওঁ বিষয়টোৰ আলোচনাৰ বিৰোধীতা কৰি আহিছে বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে পুনৰ উষ্মাৰে কয় যে এই ক্ষেত্ৰত মোৰ কথা নৰজিল৷ অধ্যাক্ষাই মোক বহাই দিলে আৰু বিষয়টো আলোচনাৰ অনুমতি দিলে৷ তাৰ পিছত বিষয়টো লৈ আলোচনা আৰম্ভ হ’ল৷ আলোচনা কালত কোনো সত্যা সত্যতা নোহোৱা যুক্তিহীন কিছু কথা বিৰোধী পক্ষই উত্থাপন কৰা দেখা গ’ল৷

biswa

এটা সময়ত উক্ত আলোচনাত ময়ো অংশগ্ৰহণৰ সুযোগ লাভ কৰো আৰু এন আৰ চিৰ সম্পৰ্কে চলি থকা নানা বিভ্ৰান্তিকৰ কথা বতৰা সম্পৰ্কত কিছু বাস্তৱিক সত্যতা স্পষ্ট কৰিবলৈ যত্ন কৰো যদিও একাংশই মোৰ কোনো কথা শুনিব নিবিচাৰি মোৰ বক্তব্যক সম্পূৰ্ণ নস্যাৎ কৰাতহে উঠি পৰি লাগে৷ তেওঁলোকৰ এনে প্ৰতিক্ৰিয়াশীল আচৰণত মই ক্ষুদ্ধ হৈ খঙৰ ভমকতে কৈ দিলো যে- মই অসমৰ মানুহ সেয়েহে অসমৰ সমস্যা সম্পৰ্কে ভালদৰে অৱগত৷ অসমত বৰ্তমানে যি হৈ আছে সেয়া যদি আপোনালোকে সহ্যই কৰিব নোৱাৰে তেন্তে অসমখনৰ লগতে অসম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলখনকে এৰি দিয়ক৷

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মানুহক তেওঁলোকৰ মতেই চলিব দিয়ক৷ আপোনালোকৰ এই আচৰণৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চল মানুহে স্বাধীনতা বিচাৰি আন্দোলন কৰি আহিছে৷ আমাৰ কথাত যদি কোনো গুৰুত্ব নিদিয়ে, আমাৰ কথা যদি শুনিবলৈও ইমান অসহ্যকৰ তেন্তে আমাক এৰি দিয়ক বুলিও মই অত্যন্ত ক্ষোভেৰে কওঁ৷

শেষত মোৰ বক্তব্যত মই সকলোকে নিশ্বিতি দি কওঁ যে কোনো বৈধ ভাৰতীয়ৰ নাম অসমৰ এন আৰ চিৰ পৰা বাদ পৰি নাযায়৷ মোৰ এই বক্তব্যৰ পিছতেই তৃণমূল কংগ্ৰেছে মোৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী কথা কোৱাৰ অভিযোগ আনি সংসদ পুনৰ উত্তাল কৰি তোলে৷

Your Comments