খচৰাৰ ভিত্তিত ব্যৱস্থা নল’বঃ ছুপ্ৰিম কোৰ্ট

খচৰাৰ ভিত্তিত ব্যৱস্থা নল’বঃ ছুপ্ৰিম কোৰ্ট

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ খচৰাখন কালি প্ৰকাশ হোৱাৰ পিছতে আজি এই সন্দ্ৰভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে আজি স্পষ্ট কৰি দিয়ে যে যিহেতু এইখন মাত্ৰ এখন খচৰাহে, গতিকে ইয়াৰ আধাৰত যিকোনো ব্যক্তিৰ বিপক্ষে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব৷ লগতে কেন্দ্ৰক এই বিষয়ত অভিযোগ আৰু আপত্তি গ্ৰহণৰ বাবে ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ’ৰ’ (এছ অ’ পি) প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ আনহাতে, এছ অ’ পিক অনুমোদনৰ বাবে ন্যায়ালয়ত দাখিল কৰিবলৈও কেন্দ্ৰলৈ নিৰ্দেশ প্ৰদান কৰে৷ এই এছ অ’ পি স্বচ্ছ হোৱাৰ লগতে তাত বহিষ্কৰণৰ বাবে যুক্তিসংগত সুবিধা প্ৰদান কৰিব লাগিব৷

খচৰাৰ ভিত্তিত ব্যৱস্থা নল’বঃ ছুপ্ৰিম কোৰ্ট

ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নাৰিমনৰ খণ্ড বিচাৰপীঠে কয় যে অহা ১৬ আগষ্টৰ পূৰ্বে কেন্দ্ৰই এছ অ’ পি ন্যায়ালয়ত দাখিল কৰিব লাগিব৷ এগৰাকী স্থানীয় পঞ্জীয়কে অভিযোগ আৰু আপত্তি দাখিল কৰিবলগীয়াসকললৈ জাননী প্ৰেৰণ কৰিব লাগিব আৰু শুনানিৰ কাৰণে ন্যায়সংগত সুবিধা প্ৰদান কৰিব লাগিব৷

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, অসমৰ সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ত কালি প্ৰকাশিত এন আৰ চিৰ খচৰাৰ বিতং তথ্যসম্বলিত প্ৰতিবেদন দাখিল কৰে৷ ইয়াৰ ওপৰত খণ্ড বিচাৰপীঠখনে ভৱিষ্যৎ কাৰ্যব্যৱস্থা কি হ’ব সেই বিষয়ে প্ৰশ্ন কৰে৷ ইয়াৰ উত্তৰত হাজেলাই ন্যায়ালয়ক জনায় যে এন আৰ চিত নাম অন্তৰ্ভুক্তি বা কৰ্তন সম্পৰ্কীয় অভিযোগ-আপত্তিসমূহ ৩০ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ তেওঁ লগতে কয় যে ৭ আগষ্ট পৰ্যন্ত এন আৰ চি তালিকাত নাম থকা-নথকাটো চাবৰ বাবে সকলোৰে বাবে উপলব্ধ হৈ থাকিব৷

কেন্দ্ৰৰ হৈ প্ৰতিনিধিত্ব কৰা এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে অভিযোগ আৰু আপত্তিসমূহ গ্ৰহণৰ বাবে মন্ত্ৰণালয় পৰ্যায়ত এছ অ’ পিৰ মডেলিটী প্ৰস্তুতৰ ইচ্ছা প্ৰকাশ কৰি কয় যে সকলোৰে বাবে সমান সুবিধা প্ৰদান নকৰা পৰ্যন্ত কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিবৰ বাবে ন্যায়ালয়ে নিৰ্দেশ দিব পাৰে৷ বিচাৰপীঠখনে বেণুগোপালক এছ অ’ পিৰ অনুমোদনৰ বাবে ন্যায়ালয়ত দাখিল কৰিবলৈ আহ্বান জনায়৷

উল্লেখ্য যে এন আৰ চিৰ দ্বিতীয় আৰু চূড়ান্ত খচৰা, যিখন ৰাজ্যখনৰ বৈধ নাগৰিকৰ তালিকা সেইখন সোমবাৰে প্ৰকাশ পাইছিল৷ প্ৰকাশিত খচৰাত মুঠ ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ২.৮৯ কোটি লোকৰ নাম সন্নিৱিষ্ট হৈছে৷ প্ৰায় ৪০.০৭ লাখ লোকৰ নাম এই তালিকাত সন্নিৱিষ্ট নহ’ল৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰথমখন এন আৰ চি খচৰা প্ৰকাশ পাইছিল ২০১৭ৰ ৩১ ডিচেম্বৰৰ মাজনিশা৷ এই তালিকাত মুঠ ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯ কোটি লোকৰ নাম তালিকাত সন্নিৱিষ্ট হৈছিল৷

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কুৰি শতিকাৰ আৰম্ভণিৰে পৰাই অসমে অবৈধ বাংলাদেশীৰ তীব্ৰ হেঁচাৰ সন্মুখীন হয়, যাৰফলত ১৯৫১ চনৰ পিছত দেশৰ প্ৰথমখন ৰাজ্য হিচাপে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিবলগা হয়৷

 

Your Comments