অসম চুক্তিত স্বাক্ষৰ কৰিও কংগ্ৰেছৰ সাহস নহ’ল এন আৰ চি উন্নীতকৰণৰঃ অমিত শ্বাহ

অসম চুক্তিত স্বাক্ষৰ কৰিও কংগ্ৰেছৰ সাহস নহ’ল এন আৰ চি উন্নীতকৰণৰঃ অমিত শ্বাহ


বহু প্ৰতীক্ষিত এন আৰ চিৰ চূড়ান্ত খচৰাখন অৱশেষত কালি প্ৰকাশ হ’ল৷ এই এন আৰ চিক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰিল দেশৰ ৰাজনীতি৷ শাসক-বিৰোধীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ জোৱাৰ উঠিছে৷ চূড়ান্ত খচৰাখনৰ পৰা ৪০ লক্ষাধিক লোকৰ নাম বাদ পৰাক লৈ আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী পক্ষ৷ এনে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অভিযোগ- এন আৰ চি প্ৰস্তুতকৰণৰ দৰে বিষয় এটা কাৰ্যকৰী কৰিবলৈ কংগ্ৰেছে সাহসেই কৰিব নোৱাৰিলে৷ অমিত শ্বাহে আজি কয়- ৰাজীৱ গান্ধী দেশৰ প্ৰধান মন্ত্ৰী হৈ থকা অৱস্থাতে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল৷ চুক্তিখনৰ সৈতে সাদৃশ্য আছে এন আৰ চি উন্নীতকৰণৰ৷ তথাপি কংগ্ৰেছে এয়া কাৰ্যকৰী কৰিবলৈ সাহসেই নকৰিলে, যিটো আমি আজি কৰি দেখুৱাইছোঁ৷

Your Comments