পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰে শক্তি উৎপাদন কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা এক বিজ্ঞানৰ প্ৰকল্প প্ৰস্তুত কৰি নগাঁৱৰ অষ্টম শ্ৰেণীৰ তিনি ছাত্ৰই আজি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আজি নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত জিলা ভিত্তিক বিজ্ঞানৰ প্ৰকল্প প্ৰস্তুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাখনৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত সন্দীপনী বিদ্যা মন্দিৰৰ অষ্টম শ্ৰেণীৰ তিনি ছাত্ৰ দেবানুজ ৰিজেল আৰু অংকিত বৰাৰ নেতৃত্বত এটা ছাত্রৰ দলে এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।
ছাত্ৰৰ দলটোৱে পেলনীয়া প্লাষ্টিক সামগ্ৰীক কেনেকৈ ভাপৰ জৰিয়তে গলাই তাৰ পৰা উৎপাদন হোৱা গেছৰ সৈতে পানী মিহলাই ক্ৰুড অইল ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি, তাৰ এক বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰিছে। যাৰ জৰিয়তে কম খৰচত শক্তি উৎপাদন কৰি মানুহে ৰন্ধন কাৰ্যকে ধৰি অন্যান্য কামত ব্যৱহাৰ কৰিব পাৰিব। আনহাতে, এই প্ৰতিযোগিতাত কলিয়াবৰৰ আয়ুস পাব্লিক স্কুলৰ ছাত্ৰ ময়ুৰ শংকৰ শইকীয়াৰ নেতৃত্বৰ ছাত্ৰ দলে দ্বিতীয় স্থান আৰু আমবাগানৰ আইডিয়েল ইংলিছ একাডেমীৰ আদিত্য নাথ কাকতিৰ নেতৃত্বৰ ছাত্ৰৰ দলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইপিনে, বিজ্ঞান ভিত্তিক ছবি অঁকা প্ৰতিযোগিতাত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি নাথ প্ৰথম, ৰহাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী হিয়া ভুঞাই দ্বিতীয় আৰু কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিমি কংকনা মুক্তিয়াৰে তৃতীয় স্থান দখল কৰে।
আকস্মিক বক্তৃতা প্ৰতিযোগিতাত পাখিমৰীয়াৰৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কৌশিক কাশ্যাপ প্ৰথম, ধলপুখুৰীৰ মাৰ্কজ একাডেমীৰ ছাত্ৰ মৌচিন আলম দ্বিতীয় আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক ছোৱালী স্কুলৰ ছাত্ৰী গীতাৰ্থী বৰাই তৃতীয় স্থান দখল কৰে। এই প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত থাকে নগাঁও কলেজৰ প্ৰানী বিজ্ঞান বিভাগৰ প্ৰবক্তা ড:ভুৱন চুতীয়া, নগাঁও পলিটেকনিকৰ অধ্যাপক ক্ৰমে শ্ৰীমন্ত শইকীয়া আৰু মঞ্জুল শৰ্মা। উল্লেখ যে এই তিনিওটা প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত বিজয়ী প্ৰতিযোগী সকলে অহা ৬ আৰু ৭ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটী আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হ'ব লগা ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে।
তদুপলক্ষে আজি সন্ধ্যা অধ্যাক্ষা দিপীকা লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত বটা বিতৰণী সভাত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক শৈক্ষিক সমন্বয় সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক বিপুল বৰা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক কিশোৰ দেৱ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাক্ষা ৰূমী বৰদলৈকে ধৰি জিলাখনৰ ১৮ টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ সমন্বয়ক সকল উপস্থিত থাকে। ইয়াৰ আগতে আজি পুৱা অনুষ্ঠিত উদ্ধোধনী সভাত বিশিষ্ট শিক্ষাবিদ তথা স্বেচ্ছাসেৱী অনুষ্ঠান 'চিয়েপৰ ' সভাপতি সহজানন্দ ওজা, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক প্ৰবীণ চন্দ্ৰ শৰ্মাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।
- Log in to post comments
- 208 views