অসমৰ এন আৰ চিক লৈ উত্তপ্ত ৰাজ্যসভা

অসমৰ এন আৰ চিক লৈ উত্তপ্ত ৰাজ্যসভা


এন আৰ চিৰ প্ৰসংগক লৈ ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি ৷ উল্লেখ্য যে সোমবাৰে প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাৰ ওপৰত আলোচনাৰ বাবে আজি প্ৰশ্নোত্তৰ কালৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত প্ৰস্তাৱ আগবঢ়ায় আৰু বিৰোধী দলসমূহে ইয়াত সমৰ্থন জনায় ৷

‘স্পৰ্শকাতৰ আৰু অতি গম্ভীৰ বিষয়’ হিচাপে মন্তব্য কৰি অধ্যক্ষ এম ভেংকায়া নাইডুৱে ইয়াৰ ওপৰত আলোচনা মুকলি কৰি দিয়ে ৷ লগতে তেওঁ উল্লেখ কৰে যে এন আৰ চিৰ এক ঐতিহাসিক পটভূমি আছে আৰু অসম চুক্তি অনুসৰি এই প্ৰক্ৰিয়া আগবাঢ়িছে ৷ এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে কালিয়ে গৃহমন্ত্ৰী ৰাজনাথ সিঙক উচ্চ সদনলৈ আমন্ত্ৰণ জনাইছিল যদিও সেয়া সম্ভৱ নোহোৱা বাবে আজি পুনৰ তেওঁক আমন্ত্ৰণ জনোৱা বুলিও অধ্যক্ষই লগতে জনায় ৷


উল্লেখ্য যে অসমৰ এন আৰ চি প্ৰসংগক লৈ সোমবাৰেও ৰাজ্যসভা উত্তপ্ত কৰি তুলিছিল বিৰোধীয়ে ৷ এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লক্ষাধিক লোকৰ নাম কৰ্তন হোৱা প্ৰসংগক লৈ বিৰোধীয়ে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি শূন্যকালীন ঘণ্টাত ইয়াৰ ওপৰত আলোচনা দাবী কৰিছিল ৷

তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ, চি পি আই (এম) আৰু সমাজবাদী পাৰ্টীয়ে প্ৰকাশিত তালিকাৰ ওপৰত কেন্দ্ৰক সমালোচনা কৰি কয় যে ইয়াৰ ফলত মানৱাধিকাৰ আৰু গণতান্ত্ৰিক অধিকাৰৰ ওপৰত চৰম আঘাত পৰিছে ৷ বিষয়টোৰ ওপৰত বৰ্তমানো ৰাজ্যসভাত তীব্ৰ বাক-বিতণ্ডা অব্যাহত আছে ৷ আনহাতে, সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছৰ একাংশ সাংসদে সংসদৰ বাহিৰত এন আৰ চিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে ৷
 

Your Comments