আজি পৃথিৱীৰ সবাতোকৈ ওচৰ চাপিব মঙল গ্ৰহ

আজি পৃথিৱীৰ সবাতোকৈ ওচৰ চাপিব মঙল গ্ৰহ

আজি পৃথিৱীৰ নিচেই ওচৰ চাপি আহিব মঙল গ্ৰহ। মহাকাশ বিজ্ঞানী মহলৰ তথ্য অনুসৰি, আজি পৃথিৱীৰ পৰা মঙলৰ দূৰত্ব হ’ব ৫৭.৬ মিলিয়ন কিলোমিটাৰ। ২০০৩ বৰ্ষৰ পিছত অৰ্থাৎ বিগত ১৫ বছৰৰ ভিতৰত আজিৰ দিনটোতে মঙল গ্ৰহ পৃথিৱীৰ সৰ্বাধিক ওচৰ চাপিব। খালী চকুৰেও নিশাৰ আকাশত বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব মঙলৰ তুলনামূলকভাৱে বহু নিকট স্থিতি। ভাৰতবৰ্ষৰ আকাশত সন্ধিয়া ৭.১০ বজাৰ পৰা সূৰ্যোদয় পৰ্যন্ত দেখা যাব মঙল গ্ৰহক।

Your Comments