তিনিচুকীয়া চহৰত বুধবাৰে তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণ আৰু বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য শইকীয়াক একাংশ আন্দোলনকাৰীয়ে প্ৰহাৰ কৰা কাৰ্যৰ বিজেপিৰ ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ আজি চহৰখনত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে কালিৰ বিজেপিৰ নেতাক প্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিক দৃষ্টান্তমূলক শাস্তি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়৷
লগতে এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ বাবে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়৷ তিনিচুকীয়াৰ উক্ত ঘটনাৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টিৰ ৩৯খন জিলাত ১ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত প্ৰতিবাদী সমদল উলিওৱা হ'ব বুলি এক প্ৰেছ টোকাত জনাইছে বিজেপিৰ অসম প্ৰদেশৰ উপ-সভাপতি ডঃ প্ৰদীপ ঠাকুৰীয়াই৷
- Log in to post comments
- 32 views