অগষ্টাৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰীৰ দুজন অভিযুক্তক আনিলে ভাৰতলৈ

w

অগষ্টাৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰীৰ মধ্যভোগী ক্ৰিশ্চিয়েন মিছেলৰ পিছত আন দুজন অভিযুক্তক বিদেশৰ পৰা ভাৰতলৈ অনা হৈছে।তেওঁলোক হৈছে ৰাজীৱ চাক্সেনা আৰু দীপক তলৱাৰ। ৰাজীৱ চাক্সেনা ডুবাইৰ এটা কোম্পানীৰ পৰিচালক।ভাৰতত সোঁধ-পোছৰ বাবে বাৰম্বাৰ চমন জাৰি কৰাৰ পিছতো তেওঁ ভাৰতলৈ অহা নাছিল।

চাক্সেনাক ডুবাই আৰক্ষীয়ে আটক কৰাৰ পিছত ভাৰতলৈ  অনা হয়।আনহাতে ডুবাইলৈ পলায়ন কৰা দীপক তলৱাৰক ডুবাইতে আৰক্ষীয়ে  আটক কৰাৰ পিছত ভাৰতলৈ অনা হয়।তেওঁৰ ওপৰত এফচিআৰএ আইন উলংঘাৰ লগতে বিত্তীয় কেলেংকাৰীৰ অভিযোগ আছে।

এই দুজন অভিযুক্তক ভাৰতলৈ অনাৰ পিছত ইউপিএ চৰকাৰৰ আমোলত সংঘটিত অগষ্টাৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰীৰ প্ৰকৃত অপৰাধীক আইনী শাস্তি প্ৰদান কৰাৰ দিশত আইনী প্ৰক্ৰিয়া অধিক গতিশীল হ'ব বুলি আশা কৰা হৈছে।

Your Comments