ধেমাজি আগমণকলৈ মন্ত্ৰী হিমন্ত বিশ্বলৈ ধেমাজি ছাত্ৰ সন্থাৰ সকীয়নি

s

জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক-২০১৬ৰ বাতিলৰ দাবীত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাত আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্ৰদৰ্শন কৰিবলৈ যাওঁতে নলবাৰীত বিজেপি, আৰএছএছ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে ছাত্ৰ সন্থাৰ কৰ্মী আৰু সন্থাৰ ৰক্তিম পতাকাক যি চূড়ান্ত অপমান কৰিলে তাৰ উচিত প্ৰত্যুত্তৰ পাব আগন্তুক দিনত৷

s

কাইলৈ অসম চৰকাৰৰ দাম্ভিক, অহংকাৰী, ফেচিষ্ট চৰিত্ৰৰ মন্ত্ৰী ডঃ শৰ্মাৰ ধেমাজি আগমনৰ প্ৰাক্‌মুহূৰ্তত্বত আজি সমগ্ৰ ধেমাজি জিলাখনৰ ৰাজহুৱা স্থানত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই৷ এক প্ৰেছ বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে সকীয়াই দি কয় যে হিমন্ত বিশ্ব শৰ্মাই ধেমাজিলৈ আহি যাতে কোনো ধৰণৰ উচটনি মূলক, প্ৰৰোচনামূলক বক্তব্য প্ৰকাশ নকৰে৷

তাৰ লগত গণতান্ত্ৰিক আন্দোলনক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্য কৰিব বিচাৰিলে পৰিস্থিতি ভয়াবহ আৰু ভয়ংকৰ হ'ব আৰু তাৰ বাবে চৰকাৰ আৰু বিজেপি দল জগৰীয়া হ'ব বুলি উল্লেখ কৰে ছাত্ৰ নেতাদ্বয়ে৷

Your Comments