নিখিল ভাৰত কৃষক সভা আৰু বাওঁ গণতান্ত্ৰিক সংগঠনৰ বিধেয়কৰ বিৰুদ্ধে ধৰ্মঘট 

২

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিত বুধবাৰে অনুষ্ঠিত হয় ভাৰত তথা অসম চৰকাৰৰ বিৰুদ্ধে ৫  ঘণ্টীয়া অৱস্থান ধৰ্মঘট । চিটুৰ ভাতৃ সংগঠন নিখিল ভাৰত কৃষক সভাৰ কয়াকুছি আঞ্চলিক সমিতি, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কয়াকুছি আঞ্চলিক সমিতি, নিৰ্মাণ শ্ৰমিকৰ কয়াকুছি আঞ্চলিক সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ কয়াকুছি আঞ্চলিক সমিতি আদি বাওঁ গণতান্ত্ৰিক শ্ৰমিক সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজ উপস্থিত থাকি সহায়-সহযোগ আগবঢ়ায় ।

পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী কয়াকুছি বজাৰ তিনিআলিত  মৰহুম নুৰুল ইছলাম মাৰ্কেটৰ সন্মুখত অনুষ্ঠিত হয় । উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ সঞ্চালনা কৰে চিপিআই (এম)ৰ জ্যেষ্ঠ কৰ্মী পিয়াৰুল ইছলাম আহমেদে । অনুষ্ঠানত জালাহ বি বি কিষাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চক্ৰধৰ ডেকা,  সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি আমিৰ হুছেইন, বৰপেটা জিলা আমছুৰ উপ সভাপতি মো: তোতা মিঞা, চিপিআই (এম)ৰ নেতা চিত্তৰঞ্জন দাস, নিখিল ভাৰত কৃষক সভাৰ  নেতা আজিজুৰ ৰহমান, নিখিল ভাৰত কৃষক সভাৰ নেতা জয়নাল আব্দিন, গণতান্ত্ৰিক মহিলা সমিতিৰ বাহাৰজান নেছা, ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ বিট্টু সূত্ৰধৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাছেন আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী, সাংবাদিক তথা সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে ভাষণ প্ৰদান কৰি অৱস্থান ধৰ্মঘটক পূৰ্ণ সমৰ্থন জনায়৷

লগতে আগন্তুক দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । আন বহুকেইটা সংগঠনে সহযোগ কৰা অৱস্থান ধৰ্মঘটৰ শেষত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এছএফআইৰ দেৱান ইপ্তিকাৰ হুছেইন, চিটুৰ ইউছুফ আলী, গণতান্ত্ৰিক মহিলা সমিতিৰ বাহাৰজান নেছা আৰু নিখিল ভাৰত কৃষক সভাৰ আবুল কাশেমৰ দ্বাৰা সাক্ষৰিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে উদ্যোক্তাসকলে।

Your Comments