জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে ত্ৰিপুৰাৰ প্ৰাক্তন বিজেপি বিধায়কৰ দলত্যাগ

w

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবত হোৱা উত্তাল প্ৰতিবাদে বিজেপি দলত শংকিত কৰি তোলাৰ সময়তে ত্ৰিপুৰাৰ এগৰাকী প্ৰাক্তন বিজেপি বিধায়কে দলত্যাগ কৰে। জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক ৰাজেশ্বৰ দেৱবাৰ্মা ২৯ জানুৱাৰীত দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। নিজৰ পদত্যাগ পত্ৰখনৰ জৰিয়তে দেৱবাৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে শাসকীয় দলটোৱে এই বিধেয়কখনৰ জৰিয়তে জাতিগত বৈষম্য বৃদ্ধি কৰিবলৈ লৈছে আৰু থলুৱা জনগোষ্ঠীসমূহক অধিক সংকটৰ মাজলৈ ঠেলি দিছে।

উল্লেখযোগ্য যে জাতিধ্বংসী বিধেয়কখনৰ বাতিলৰ দাবীত যোৱা ৮ জানুৱাৰীত 'নেচ'ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ সময়ছোৱাত শান্তি পূৰ্ণ তথা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত ছাত্র সমাজৰ ওপৰত ত্ৰিপুৰা আৰক্ষীয়ে চলোৱা ধাৰাবাহিক গুলীচালনাৰ ঘটনাক প্ৰাক্তন বিজেপি বিধায়কজনে ৰাজ্যৰ শাসিতত চৰকাৰখনৰ নীতি-নিয়ম আৰু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে দেৱবাৰ্মাই ২৯ জানুৱাৰীত ত্ৰিপুৰা প্ৰদেশ বিজেপি সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

দলটোৰ পৰা পদত্যাগ কৰি প্ৰাক্তন বিধায়কজনে পত্ৰখনত বিজেপি চৰকাৰখনে কৰি অহা ক্ষুদ্ৰ আৰু থলুৱা জনগোষ্ঠী জনসাধাৰণৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা স্পষ্টভাৱে উল্লেখ কৰে।

Your Comments