'গংগা-স্নান' কৰি সক্রিয় ৰাজনীতিলৈ প্ৰিয়ংকা গান্ধী

w

সম্প্ৰতি প্ৰয়াগৰাজত কুম্ভ মেলা চলি আছে।এই কুম্ভ মেলাতে সক্ৰিয় ৰাজনৈতিক জীৱন আৰম্ভ কৰিব প্ৰিয়ংকা গান্ধীয়ে।কুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰীত 'মৌনি অমাৱস্যা' উপলক্ষে  গংগাত পৱিত্ৰ স্নান কৰি ৰাজনীতিত আনুষ্ঠানিকভাৱে খোজ দিব প্ৰিয়ংকাই।এই সময়ত প্ৰিয়ংকা গান্ধীক সংগ দিব তেওঁৰ ভাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।উক্ত দিনাই পৰৱৰ্তী পৰ্যায়ত  লক্ষলওঁতে প্ৰিয়ংকা আৰু ৰাহুল গান্ধীয়ে এখন সংবাদ মেল সম্বোধন কৰিব।

অৱশ্যে উক্ত দিনা স্নানৰ সুযোগ নাপালে ১০ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমীত পৱিত্ৰ স্নানেৰে সক্ৰিয় ৰাজনীতিত ভৰি দিব ৰাজীৱ গান্ধী তনয়াই। উল্লেখ্য যে কংগ্ৰেছ অধ্যক্ষ হৈ থকা অৱস্থাত ছোনিয়া গান্ধীয়েও ২০০১ চনত কুম্ভ মেলাত গঙ্গাত পৱিত্ৰ স্নান কৰিছিল।বৰ্তমান কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে অনুসৰণ কৰা  'নৰম হিন্দুত্ব 'ৰ আদর্শতে প্ৰিয়ংকা গান্ধীয়ে গংগাত স্নানেৰে সক্ৰিয় ৰাজনৈতিক ক্ষেত্ৰত ভৰি থ'ব বুলি চৰ্চা হৈছে।ইতিমধ্যে প্ৰিয়ংকা গান্ধীক পূব উত্তৰ প্ৰদেশৰ দায়িত্ববাহী সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।

Your Comments