পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৰ্ব জুবিন গাৰ্গ। গণৰাজ্য দিৱসৰ দিনাই লঙ্কা থানাত এজাহাৰ দাখিল হ'ল জনপ্ৰিয় গায়ক জুবিনৰ বিপক্ষে। ভাৰত ৰত্ন পদক লৈ শিল্পীগৰাকীয়ে কৰা কিছু অশ্ৰাব্য শব্দযুক্ত কথোকথন শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৰ্বগৰাকীৰ বিপক্ষে হোজাই জিলাৰ লঙ্কা থানাত এখন এজাহাৰ দাখিল কৰে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি সত্য ৰঞ্জন বৰাই।

লঙ্কা থানাই ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০০/৫০৬ ধাৰাৰ অধীনত আৰু ৬৭ আই টি এক্টৰ অধীনত, ৩৫/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 197 views
