নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে আৰু এই বিধেয়কখন বাতিল কৰাৰ দাবীত আজি মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাৰ তুৰাস্থিত বাসভৱনত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলৰ মাজত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ কঢ়িয়াই আনিব পৰা সংকট আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে সন্মুখীন হ’বলগা ভয়াৱহ বিপদৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত এই আলোচনাত কেইবাটাও বিষয়ত ঐকমত্যত উপনীত হয়৷
এই গুৰুত্বপূৰ্ণ বৈঠকত অগপ দলৰ হৈ সভাপতি বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰদীপ হাজৰিকাও উপস্থিত থাকে৷ মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে অগপ দলৰ বলিষ্ঠ স্থিতিক অভিনন্দন জনায় আৰু সাতোখন ৰাজ্যই ঐক্যবদ্ধভাৱে এই সংকটৰ সময়ত থিয় দিয়াটোত গুৰুত্ব আৰোপ কৰে৷ অবৈধ প্ৰব্ৰজন তথা বিধেয়কখনৰ পৰা উদ্ভৱ হ’ব পৰা সংকট অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সমানে ভয়াৱহ বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
আলোচনাত অগপ সভাপতি অতুল বৰাই এই বিধেয়কখনে ঐতিহাসিক অসম চুক্তিক উলংঘন কৰাৰ লগতে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াকো নস্যাৎ কৰিব বুলি মতপোষণ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দল-সংগঠন আৰু জনসাধাৰণৰ আবেগক কেন্দ্ৰীয় চৰকাৰে গুৰুত্বহীন কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে৷ বৰাই একত্ৰিত প্ৰচেষ্টাৰে কেন্দ্ৰৰ বৈষম্য তথা অবিচাৰৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব ল’বলৈ মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীক আহ্বান জনায়৷ আজিৰ এই আলোচনাই বিধেয়কবিৰোধী সংগ্ৰামখনক নতুন গতি দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী জনমত উত্থাপনৰো ইংগিত দিয়ে৷
- Log in to post comments
- 24 views