গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৮৫৫গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতি পদক

গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৮৫৫গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পদক

৭০সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ ১৫গৰাকী দক্ষ আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদানৰ ঘোষণা কৰা হৈছে। গুৱাহাটী আৰক্ষী জিলাৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ক তেওঁৰ প্ৰশংসনীয় সেৱাৰ বাবে আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক।

গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৮৫৫গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতি পদক

উল্লেখ্য যে ভাৰতৰ মুঠ ৮৫৫গৰাকী আৰক্ষী বিষয়াকো ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে সন্মানিত কৰা হ'ব। ইয়াৰ ভিতৰত ১৪৬গৰাকী আৰক্ষী বিষয়াক সাহসীকৰ্তাৰ বাবে, ৭৪গৰাকীলৈ বিশেষ প্ৰশংসনীয় সেৱাৰ বাবে আৰু ৬৩২গৰাকী আৰক্ষীলৈ উল্লেখযোগ্য সেৱাৰ হেতু ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদানৰ ঘোষণা কৰা হৈছে।

Your Comments