মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ওচৰলৈ অগপ নেতৃবৰ্গ

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ওচৰলৈ অগপ নেতৃবৰ্গ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি আন এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে অসম গণ পৰিষদ দলে৷ বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে সংগ্ৰাম অধিক তীব্ৰতৰ কৰাৰ লক্ষ্যৰে অগপৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল মেঘালয়লৈ ৰাওনা হৈছে৷ অগপৰ প্ৰতিনিধি দলটোৱে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব৷ সভাপতি অতুল বৰাৰ নেতৃত্বত ৰাওনা হোৱা অগপৰ প্ৰতিনিধি দলটোত আছে কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে জ্যেষ্ঠ নেতাসকল ক্ৰমে ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা, প্ৰদীপ হাজৰিকা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা৷

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ওচৰলৈ অগপ নেতৃবৰ্গ

উল্লেখ্য যে এন এন পি দলৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি বিধেয়কখনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীয়ে৷ বিধেয়কখনৰ বিৰুদ্ধে কনৰাড চাংমাৰ এনে কঠোৰ স্থিতিয়ে বাৰুকৈয়ে শ্যলঠেকত পেলাইছে কেন্দ্ৰীয় চৰকাৰখনক৷ এনে অৱস্থাত মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীক আজি অগপৰ শীৰ্ষ নেতৃবৰ্গই সাক্ষাৎ কৰাটোৱে ৰাজনৈতিকভাৱে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ বিধেয়কখনৰ বিৰুদ্ধে অগপই চলাই থকা সংগ্ৰাম অধিক জোৰদাৰ কৰিবলৈকে মেঘালয়ৰ মুখ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব৷ উল্লেখ্য যে বিধেয়কখনৰ প্ৰতিবাদত অগপৰ তিনিওগৰাকী কেবিনেট মন্ত্ৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে৷

Your Comments