আজিও অৱহেলিত ঐতিহাসিক পথৰুঘাটৰ ৰণ : মঙলদৈত ২৭ জানুৱাৰীত আলোচনা-চক্ৰ

আজিও অৱহেলিত ঐতিহাসিক পথৰুঘাটৰ ৰণ : মঙলদৈত ২৭ জানুৱাৰীত আলোচনা-চক্ৰ

ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাটৰ ১৪০জন নিৰীহ কৃষক ছহিদ হৈছিল। কৃষিভূমিত খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিবলৈ যোৱাৰ বাবেই প্ৰতিবাদ কৰিবলৈ লওঁতেই ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল। পথৰুঘাটৰ কৃষক ৰণ হিচাপে চিহ্নিত এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত। এই ঐতিহাসিক ঘটনা পঞ্জাবৰ জালিৱানাৱাগৰ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহতকৈ গুৰুত্বপূৰ্ণ যদিও আজিলৈকে চৰকাৰী স্বীকৃতি দূৰৈৰে কথা, ছহিদ হোৱা কৃষকসকলে আজিও নাপালে মুক্তিযুজাঁৰুৰ সন্মান। মাত্ৰ প্ৰতিবছৰে ২৮ জানুৱাৰীৰ দিনটো আহিলেহে পথৰুঘাটলৈ মনত পৰে ৰজাঘৰৰ। এই ঐতিহাসিক কৃষক বিদ্ৰোহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে দৰং জিলা বাৰ্তাজীৱী সংঘই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। গ্ৰন্থ প্ৰকাশ, প্ৰচাৰ পত্ৰিকা প্ৰকাশ, ঐতিহাসিক ডলি পুৰাণ পুনৰ মুদ্ৰণকে ধৰি বিভিন্ন স্থানত আলোচনা-চক্ৰ আয়োজন কৰি আহিছে। এইবেলিও অহা ২৭ জানুৱাৰীত মঙলদৈ প্ৰেছ ক্লাবত আয়োজন কৰিছে এখনি আলোচনা-চক্ৰৰ।

আজিও অৱহেলিত ঐতিহাসিক পথৰুঘাটৰ ৰণ : মঙলদৈত ২৭ জানুৱাৰীত আলোচনা-চক্ৰ

"পথৰুঘাটৰ ৰণ আৰু ঐতিহাসিক গুৰুত্ব" বিষয়ক আলোচনা-চক্ৰখন উদ্বোধন কৰিব বাৰ্তাজীৱী সংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য মধুসূদন মেধিয়ে। সাংবাদিক হৰেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া আলোচনা-চক্ৰত দৰং জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰামচন্দ্ৰ ডেকা, বিশিষ্ট সাংবাদিক অতনু ভূঞা, নতুন দিল্লীৰ আধুনিক ইণ্ডিয়া কাকতৰ সম্পাদক ডি কে চৌহান, ছহিদৰ আজোনাতি হাৰুণাৰ ৰছিদ, সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতি, দৰং জিলা পৰিষদৰ পথৰুঘাটৰ সদস্য ধীৰেণ ডেকা, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ, মঙলদৈ প্ৰেছ ক্লাবৰ উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকা, সভাপতি আব্দুল খালেকে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত দুই বিশিষ্ট কৃষক হৰিচন্দ্ৰ ডেকা আৰু হবিবৰ ৰহমানক সম্বধৰ্না জনোৱা হ'ব বুলি দৰং জিলা বাৰ্তাজীৱী স‌ংঘৰ সভাপতি লক্ষ্যধৰ শইকীয়া আৰু সম্পাদক লক্ষীনন্দন কলিতাই জনাইছে।

Your Comments